অসম

বিতৰ্কিত মন্তব্য কৰা আমচুৰ সভাপতি আজিজুৰ ৰহমান আৰু আশ্বাদ মাদানীৰ প্ৰতিকৃতি দাহ

টীয়কৰ পৰা সমীৰণ বৰঠাকুৰ, প্ৰথম খবৰ: সাম্প্ৰদায়িকতাৰ বীজ স্থাপন কৰি হিন্দু মুচলমানৰ মাজত বিভেদ আনিবলৈ চেষ্টা কৰা আৰ্শ্বাদ মাদানীক কঠোৰভাৱে ধিক্কাৰ দিয়াৰ লগতে অসমৰ বাৰেৰহণীয়া সংস্কৃতিৰ মাজত এনে সাম্প্ৰদায়িক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ টীয়ক নগৰ সমিতিয়ে৷ইয়াৰ লগতে কেইদিনমান পূৰ্বে এটা চেনেলৰ এক আলোচনাত ভাগ লৈ আমচুৰ সভাপতি আজিজুৰ ৰহমানে কৰা অতি অসমীয়াগিৰি নচলিব বুলি কোৱা বিতৰ্কিত মন্তব্যক ধিক্কাৰ দিয়াৰ লগতে এনে মন্তব্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়াৰ লগতে টীয়ক নগৰৰ মাজমজিয়াত আজি সন্ধ্যা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত আৰ্শ্বাদ মাদানীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ শীঘ্ৰে প্ৰশাসনক বিহিত ব্যৱস্থা ল’বলৈ দাবী জনাইছে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি মনোজ গগৈয়ে৷

Related Articles

Leave a Reply

Close