অসম

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

প্ৰথম খবৰ, নিউজ ব্যুৰ’: লখিমপুৰ জিলাৰ নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত শিমলুগুৰি প্ৰেছ ক্লাবৰ সহযোগত আৰু চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত সোণাৰিস্থিত আৱৰ্ত ভবনৰ সভাকক্ষত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়।

শিমলুগুৰিত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ সভাখন উদ্ধোধন কৰে মিচিং সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি তুলেশ্বৰ পেগুৱে৷ আৰু জ্যেষ্ঠ সাংবাদিক জগত গগৈৰ সম্পাদনাত প্ৰকাশিত স্মৃতি গ্ৰন্থ “গণ সংযোগ” উন্মোচন কৰে স্থানীয় বিধায়ক দেবানন্দ হাজৰিকাই৷

অন্যহাতে সোণাৰিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে প্ৰশাসনৰ উদ্যোগত প্ৰত্যাহ্বান হিচাপে সাংবাদিকতা বিষয়ক এখন আলোচনাচক্ৰ অনুষ্ঠিত হয়। চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকনৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰখনৰ আঁত ধৰে অতিৰিক্ত উপায়ুক্ত নবাব আজাহাৰ আলীয়ে।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এই কাৰ্যসূচীত  চৰাইদেউ প্ৰেছ গীল্ড, সোণাৰি প্ৰেছ ক্লাব আৰু মাহমৰা প্ৰেছ ক্লাবৰ সংবাদকৰ্মীসকলৰ উপৰিও জিলা জনসংযোগ বিষয়া মামুন বৰকটকীও উপস্থিত থাকে।

অসম বাৰ্তাজীৱি সংঘৰ অন্তৰ্গত তিনিচুকীয়া জিলা সাংবাদিক সন্থা স্বীকৃতি প্ৰাপ্ত প্ৰেছ ক্লাৱ তথা তৈল নগৰীৰ ডিগবৈ মফচলীয়া সাংবাদিক সকলৰ ১৯৯০ চনত গঠিত একমাত্র সাংবাদিক সংগঠন ডিগবৈ প্ৰেছ ক্লাৱে আজি দিনযোৰা কাৰ্যসূচীৰে সমগ্র দেশৰ লগতে ডিগবৈতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰে। পুৱা পতাকা উত্তোলন কৰে ক্লাৱৰ সভাপতি ৰমণি বুঢ়াগোঁহাইয়ে। স্মৃতি তৰ্পণ কৰে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক মনোৰঞ্জন দাসে।

বি টি চি ৰ তথ্য আৰু জন সংযোগ বিভাগৰ উদ্যোগত আৰু বি টি চি সাংবাদিক সন্থাৰ সহযোগত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় প্ৰেছ দিবসৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী মতে ৰাতিপুৱা ৮ বজাত পতাকা উত্তোলন কৰে বি টি চি সাংবাদিক সংস্থাৰ সভাপতি গৌতম জ্যোতি তালুকদাৰে স্মৃতি তৰ্পণ কৰে সাধাৰণ সম্পাদক জাইখলঙ ব্ৰহ্ম , মুকুলি সভা ওদ্দোধন কৰে ওদালগুৰি জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ দাসে, স্মৃতি গ্ৰন্থ উন্মোচন কৰে অসমৰ খাদ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰিয়ে।

যোৰহাট প্ৰেছ ক্লাবেও আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উলহ মালহৰে উদযাপন কৰে। যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনুষ্ঠানত শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি তথা বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰ জ্যোতি মহন্ত, বিশিষ্ট অধিবক্তা ভৱ গোস্বামী, প্ৰকৃতিবিদ শান্তা শৰ্মা উপস্থিত থাকে। যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি নিৰঞ্জন মহন্তই সভাপতিত্ব কৰা সভাখনত উদ্দেশ্য বাখ্যা কৰে যোৰহাট প্ৰেছ ক্লাবৰ সম্পাদক অনন্ত নাৰায়ণ বৰঠাকুৰে। শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি সৌমাৰ জ্যোতি মহন্তই আজিৰ সভাত সংবাদ মাধ্যমৰ অৰম্ভনি তথা ক্ৰম পৰিৱৰ্তনৰ বিষয়ে ভাষণ প্ৰদান কৰে। আনহাতে যোৰহাটৰ বিশিষ্ট অধিবক্তা ভৱ গোস্বামীয়ে সাংবাদিকৰ বাবে প্ৰয়োজনীয় আইনৰ বিষয়ে উল্লেখ কৰে।

শোণিতপুৰ জিলা তথ্য আৰু গণ সংযোগ বিভাগৰ উদ্যোগত আৰু অসম চৰকাৰ আৰু তেজপুৰত কেইবাটাও সাংবাদিক সন্থাৰ সহযোগত জিলা পুঠিভৰাঁলত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আজি কাৰ্যসূচী মতে, ৰাতিপুৱা ৮ বজাত পতাকা উত্তোলন কৰে বিশিষ্ট সাংবাদিক নগেন শইকীয়া ,অসম চৰকাৰৰ প্ৰেছ উপদেষ্টা ঋষিকেৈ গোস্বমীয়ে স্মৃতি তৰ্পণ কৰে মুকলি কৰে। মুকুলি সভা উদ্বোধন কৰে শোনিতপুৰ জিলাৰ উপায়ুক্ত মনোজ কুমাৰ ডেকাই, সাংবাদিক পংকজ বৰুৱাই আটধৰা উক্ত সভাত জ্যেষ্ঠ বিধায়ক বৃন্দাবন গোস্বমী, সাংবাদিক নগেন শইকীয়া, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা ঋষিকেষ গোস্বামীয়ে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ ওপৰত ভাষণ দিয়াৰ লগতে ৰাজ্যখনৰ জ্যেষ্ঠ সাংবাদিক নৰেন বৰা, বসন্ত বৰুবা, যতীন্দ্ৰ নাথ দুৱৰাকে ধৰি ৬জন বিশিষ্ট সাংবাদিকক সাংবাদিকতাৰ বঁটা প্ৰদান কৰে।

“গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক শক্তিশালী কৰাত সংবাদ মাধ্যমৰ যথেষ্ট ভুমিকা আছে। এই ক্ষেত্ৰত সাংবাদিক সকল মুক্ত, নিৰপেক্ষ আৰু নিৰ্ভীক দৃষ্টি ভংগীৰে কাম কৰিব লাগিব। তেহে সমাজত শান্তি প্ৰতিষ্ঠা হোৱাৰ লগতে সমাজখন সঠিক দিশত পৰিচালিত হ’ব। ” এই মন্তব্য নগাঁও জিলা উপায়ুক্ত চমছেৰ সিঙৰ। আজি নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ সভাত সভাপতিত্ব কৰি উপায়ুক্ত গৰাকীয়ে এইদৰে মন্তব্য কৰি সাংবাদিক সকলক সঠিক আৰু শুদ্ধভাৱে সংবাদ পৰিৱেশনত গুৰুত্ব দিবলৈ আহ্বান জনায়। এই সভাত জিলাখনৰ আৰক্ষী অধীক্ষক দেৱৰাজ উপাধ্যায়ে সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি অভিহিত কৰি সমাজ গঠনত মনোনিৱেশ কৰিবলৈ সাংবাদিক সকলক আহ্বান জনায়। জিলা জনসংযোগ বিষয়া সমৰ কলিতাই আঁত ধৰা সভাখনত নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি শৈলেন শ‌ইকীয়া, জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য, জীতেন বৰকটকীৰ লগতে সাংবাদিক মুৰলী বৰুৱা, পলাশ ৰঞ্জন দাস, তপন কুমাৰ বৰা, ফাইজুৰ, অজয় মাহাতু, পঙ্কজ বৰা, ৰাজীৱ নেওগ, জয়ন্ত বৰা আদিয়ে প্ৰেছ দিৱসৰ লক্ষ্য আৰু সাংবাদিক সকলৰ বিভিন্ন সমস্যাৰ ওপৰত আলোচনা কৰে।

ভাৰতবৰ্ষৰ সংবাদকৰ্মীৰ বৃহৎ সংগঠন অল ইণ্ডিয়ান ৰিপোৰ্টাৰ্ছ এছ’চিয়েছন চমুকৈ আইৰা’ৰ অসম ৰাজ্যিক সমিতিয়ে আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰি গুৱাহাটীত এখন সাধাৰণ সভাৰ আয়োজন কৰে। সাধাৰণ সভাত ৰাজ্যিক সমিতিৰ সভাপতি কিৰণ কুমাৰ গগৈয়ে প্ৰেছ দিৱস উপলক্ষে অসমৰ সমূহ সংবাদকৰ্মীকে শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰি সংবাদ কৰ্মীৰ হিতৰ অৰ্থে সকলো সাংবাদিক আৰু সংবাদকৰ্মীৰ একত্ৰিত হোৱাৰ সময় হৈ গল বুলি উল্লেখ কৰে। সাংবাদিকৰ সুৰক্ষাৰ বাবে সুকীয়া আইন প্ৰনয়ন আৰু প্ৰাপ্য অধিকাৰৰ বাবে বাৰম্বাৰ বিভিন্ন সাংবাদিক সংগঠনৰ দ্বাৰা চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি অহা হৈছে যদিও আজিলৈকে চৰকাৰৰ তৰফৰ পৰা কোনো পদক্ষেপ নোলোৱাত উদ্বেগ প্ৰকাশ কৰি সমূহ সংবাদকৰ্মীকে আইৰা’ৰ সৈতে একত্ৰিত হৈ ৰাষ্ট্ৰীয় পৰ্যায়ত সংবাদ কৰ্মীৰ অধিকাৰ আৰু প্ৰাপ্যৰ বাবে চৰকাৰৰ ওচৰত মাত মতাৰ আগ্ৰহ প্ৰকাশ কৰে ৰাজ্যিক সভাপতি গৰাকীয়ে। আনফালে ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক পংকজ নাথে দেশৰ সমূহ সংবাদকৰ্মীৰ লগতে আইৰা’ৰ সদস্য সকলক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে অভিনন্দন জনাই আজিৰ সভাতে আইৰা’ৰ অসম ৰাজ্যিক সমিতিৰ সম্প্ৰসাৰণ ও জিলা সমিতি সমূহৰ গঠন সম্পৰ্কত কিছু কথা সদৰি কৰে।

নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। এই উপলক্ষে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ‘সংবাদ মাধ্যমৰ প্ৰত্যাহ্বান’ শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসৰ সঞ্চালনাত অনুষ্ঠিত এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থকা এম এন চি কলেজৰ অধ্যক্ষ ডঃ কৃষ্ণ চন্দ্ৰ গৌড় আৰু অধ্যাপক ডঃ দীনমনি ভাগৱতীয়ে নিৰ্দিষ্ট বিষয়ত বিষদভাবে আলোচনা আগবঢ়ায়। অনুষ্ঠানত সাংবাদিক কমলেশ শৰ্মা, জিতেন শৰ্মা আৰু মজিবৰ ৰহমানেও নিজৰ নিজৰ অনুভৱ ব্যক্ত কৰে। সঞ্চালকৰ ভাষণ প্ৰসংগত উপায়ুক্তই কয় যে বৰ্তমান সময়ত সংবাদ মাধ্যম যথেষ্ট সজাগ। সংবাদ মাধ্যমৰ চোকা দৃষ্টিৰ বাবেই দুৰ্নীতি বহু কমিছে বুলিও তেওঁ কয়। অনুষ্ঠানত এডিচি সঞ্জীব বৰা, জিলা তথ্য আৰু জনসংযোগ বিষয়া চুম্পী চুতীয়া আদিও উপস্থিত থাকে।

সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ চামগুৰিতো আজি দিনযোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়৷ “সংযুক্ত সাংবাদিক সন্থা,চামগুৰি”ৰ উদ্যোগত চামগুৰি গড়কাপ্টানি পৰিদৰ্শন ভৱনত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আৰম্ভণিতে পুৱা দহ বজাত পতাকা উত্তোলন কৰে সংযুক্ত সাংবাদিক সন্থা, চামগুৰিৰ সভাপতি প্ৰদীপ বৰাই, বৃক্ষৰোপন কৰে বিশিষ্ট শিক্ষাবিদ বনমালি কলিতা আৰু ৰবীন্দ্ৰ নাথ কলিতাই৷দিনৰ এঘাৰ বজাত প্ৰদীপ বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট সাংবাদিক-সাহিত্যিক ফণীন্দ্ৰ নাথ গায়ন বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰি ভাষন প্ৰসংগত কয়, সাংবাদিকসকলে সেৱাৰ মনোভাৱেৰে কাম কৰিব লাগিব৷বাতৰিৰ ক্ষেত্ৰত প্ৰতিযোগিতা হোৱাটো ভাল কিন্তু প্ৰতিদণ্ডিতা হোৱাটো বেয়া বুলি উল্লেখ কৰি গায়নে কয়, সাংবাদিকসকল সক্ৰিয় হ’ব লাগিব, সত্যৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিব পাৰিব লাগিব৷ সংযুক্ত সাংবাদিক সন্থা, চামগুৰিৰ সম্পাদক নীলৰঞ্জন শৰ্মাই আঁত ধৰা সভাত গায়নে লগতে কয়, সাংবাদিকসকল ধৰ্মনিৰপেক্ষ হ’ব লাগিব আৰু ৰাজনৈতিকভাৱে নিৰপেক্ষ হ’ব লাগিব৷ সততা, নিষ্ঠা আৰু নিৰপেক্ষতাৰে সাংবাদিকসকলক সংবাদ পৰিৱেশন কৰিবলৈ আহ্বান জনায় গায়নে নৱগঠিত “সংযুক্ত সাংবাদিক সন্থা,চামগুৰি”ক শুভেচ্ছা জনায়৷

যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট ই মেডিয়াৰ উদ্যোগত আজি যোৰহাটত উলহ মালহেৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰে। যোৰহাট জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনুষ্ঠানত যোৰহাট জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টল, দৈনিক জনমভূমি কাকতৰ অৱসৰপ্ৰাপ্ত আৱাসিক সম্পাদক অৰুণ কুমাৰ দাস, জ্যেষ্ঠ সাংবাদিক ললিত বৰাৰ লগতে যোৰহাট ই মেডিয়াৰ সভাপতি ৰাজীৱ বৰাকে ধৰি ই মেডিয়াৰ সদস্য সকলৰ লগতে বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিক সকল উপস্থিত থাকে। জিলা তথ্য আৰু জনসংযোগ বিষয়া সমীৰ শ্যাণ্ডিল্যই উদ্দেশ্য বাখ্যা কৰা অনুষ্ঠানটোৰ আঁত ধৰে যোৰহাট ই মেডিয়াৰ সম্পাদক প্ৰদীপ বৰাই। যোৰহাট জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টলে কয় যে জিলা প্ৰশাসন আৰু ই মিডিয়াই সংযুক্ত হৈ এনেদৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা কাৰ্য্যই এটা যোগাত্মক দিশ কঢ়িয়াই আনিছে। লগতে তেওঁ বাতৰি পৰিবেশনৰ ক্ষেত্ৰত সাংবাদিকসকলক সমাজৰ উন্নতিৰ বাবে যোগাত্মক বাতৰি প্ৰকাশ কৰাৰ কথা উল্লেখ কৰে।

টেঙাখাত প্ৰেছ এছ’চিয়েচনৰ উদ্যোগত টেঙাখাত গান্ধী ভৱনত দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকণ আৰু বাতৰি লিখা আৰু পঢ়া প্ৰতিযোগিতা অনুষ্ঠিত হয়। আবেলি অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে প্ৰেছ এচ’চিয়েচনৰ সভাপতি হিতেশ্বৰ গগৈয়ে। সভাৰ উদ্বোধন কৰে টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা ৰাষ্ট্ৰীয় কৃতি পুৰস্কাৰ প্ৰাপ্ত লক্ষ্মীনাথ শৰ্মাই। মুকলি সভাতেই বিশিষ্ট কবি, নিৱন্ধকাৰ, সাংবাদিক, লাহোৱাল প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি, বুনিয়াদ ছপাশালৰ সত্বাধিকাৰী, ডঃ ভীমৰাও আম্বেদকাৰ ৰাষ্ট্ৰীয় ফেল’শ্বিপ বঁটা প্ৰাপক ভূষণজ্যোতি সন্দিকৈক সম্বর্ধনা জ্ঞাপন কৰা হয়। সভাত সন্দিকৈয়ে ভাষণ প্ৰদান কৰি সাংবাদিক সুৰক্ষাৰ কথাটো ব্যক্ত কৰে। সাংবাদিক তথা কবি নিৱন্ধকাৰ যাদৱ গগৈয়েও অংশ লৈ বক্তব্য প্ৰদান কৰে। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে খবৰ চাৰিদিশৰ সম্পাদক বুলন শইকীয়া।

দৰং জিলা উপায়ুক্তৰ সভাকক্ষত আয়োজন কৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি এখনি আলোচনা চক্ৰ অনুষ্ঠিত কৰে । উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা আলোচনা চক্ৰত অংশগ্রহণ কৰি দৰং জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে কয় ৰাজ্যখনৰ বেছিভাগ সাংবাদিকেই অৰ্থনৈতিক দুৰৱস্থা হেতু এক দুৰ্বিসহ জীৱন যাপন কৰিছে। সংবাদ প্ৰতিষ্ঠান সমূহে মাজেথি আয়োগে নিৰ্ধাৰণ কৰি বিধিসমূহ বলবৎ কৰিলেহে সাংবাদিকসকলে এই দুৰৱস্থাৰ পৰা মুক্ত হৈ জনসাধাৰণৰ সেৱাত আত্মোৎসৰ্সা কৰিব পাৰিব। লগতে ৰাজ্যৰখনৰ বেছিভাগ সাংবাদিকেই অৰ্থনৈতিক ভাৱে দুৰ্বল বুলি উল্লেখ কৰি তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল হলেহে জনসাধাৰণক আৰ্থিকভাৱে সেৱা আগবঢ়াব পাৰিব বুলি উল্লেখ কৰে।

Related Articles

Leave a Reply

Close