অসম

বিশিষ্ট সাহিত্যিক তথা উপায়ুক্ত থানেশ্বৰ মালাকৰক ” মথুৰা মোহন হিতৈষী” বৰপেটাৰোড ৰাস মন্দিৰৰ বঁটা প্ৰদান

প্ৰথম খবৰ, বৰপেটাৰোড: ভাৰতীয় প্ৰশাসনিক বিষয়া বৰপেটা জিলাৰ উপায়ুক্ত তথা বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকৰক বৰপেটাৰোড সাৰ্বজনীন ৰাস মন্দিৰ পৰিচালনা সমিতিয়ে আগবঢ়োৱা ” মথুৰা মোহন হিতৈষী” বঁটা কালি সন্ধিয়া অনুষ্ঠিত মুকলি সভাত প্ৰদান কৰা হয়। বৰপেটাৰোড সাৰ্বজনীন ৰাস মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি মন্টু ওজাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনিত এই বঁটা মালাকৰে গ্ৰহণ কৰে।
বঁটা গ্ৰহণ কৰি তেওঁ কয়- হনুমানে অকলেই ৰাম সেঁতু বান্ধিব পাৰিলহেঁতেন। কিন্তু তেওঁ তাকে নকৰি সমগ্ৰ বান্দৰ সেনাক লৈহে ৰাম সেঁতু বান্ধিছিল। ঠিক তেনেদৰে অকলে আমি কোনো কাম কৰিব নোৱাৰোঁ।

বৰপেটাৰোডৰ সিংহপুৰুষ মথুৰামোহন হিতৈষী তেনে এজন ব্যক্তি আছিল যিয়ে সমাজৰ সকলো শ্ৰেণীৰ লোকক লগত লৈ কাম কৰিছিল। সমাজত তেনেবোৰ বিশাল ব্যক্তিত্বৰ লোক আছিল বাবেই আজি বৰপেটাৰোড আজি সকলোৰে মাজত সমন্বয় নগৰী হিচাবে পৰিচিত হ’ব পাৰিছে। তেখেতৰ সমাজ জীৱনলৈ থকা অৱদানক আজিৰ প্ৰজন্মই সোঁৱৰণ কৰি তেখেতৰ স্মৃতি ৰক্ষাৰ্থে বঁটা প্ৰদান কৰোটো এক শুভ লক্ষণ।

বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকক একতাৰ বান্ধোনেৰে বান্ধ খুৱাবলৈ ওৰেটো জীৱন ব্ৰতী হোৱা মথুৰা মোহন হিতৈষীৰ নামত উচৰ্গা কৰা এই বঁটা লাভ কৰি তেওঁ অতিকৈ সুখী হোৱাৰ লগতে তেখেতক অধিক কাম কৰাৰ বাবে অনুপ্ৰেৰণা যোগাব বুলি মন্তব্য কৰে। সম্বৰ্ধনা প্ৰদান কৰি বৰপেটাৰোড ৰাস মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি মন্টু ওজাই কয়- এগৰাকী ভাৰতীয় প্রশাসনীয় বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিও নিৰন্তৰ সাহিত্য কর্মত ব্ৰতী হৈ অসমূৰ আৰ্থ, সামাজিক-সাংস্কৃতিক দিশৰ ধৰ্ম, ভাষা নির্বিশেষে মাটি আৰু মানুহৰ সেৱাৰ জৰিয়তে সমাজ গঠনত যি বলিষ্ঠ ভূমিকা পালন কৰি আহিছে, তাৰবাবে অসমৰ ৰাইজে মালাকৰ দেৱক আন্তৰিকতাৰে গ্রহণ কৰিছে।
তেখেতে দহখনতকৈও অধিক গ্রন্থ প্রকাশ কৰি অসমৰ সমাজ জীৱনত পৰিচিত হোৱাৰ লগতে ” ৰাম সাহিত্য বঁটা” আৰু “ধনৰাজ বঁটা” লাভ কৰাৰ উপৰিও সাহিতা আৰু সমাজ সেৱাৰ বাবে “ড়”, আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা”ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। তেনে এজন সাহিত্য আৰু সমাজৰ অক্লান্ত সেৱক মালাকৰৰ কৃতিত্ব কর্ম সংস্কৃতিৰ চানেকিয়ে আমাৰ সমাজ জীৱনক বাৰুকৈয়ে প্রভাবিত কৰিছে। তেখেতৰ এই সৃষ্টিশীল চেতনাৰ যাত্রা যাতে সদায় অব্যাহত থাকে তাৰ বাবে শুভেচ্ছা জনাই এই বঁটা তেওঁক প্ৰদান কৰা হৈছে। অনুষ্ঠানত বাক্সা জিলাৰ আৰক্ষী অধীক্ষক বিনয় কলিতা , মথনগুৰী সমষ্টিৰ এম চি এল এ গৌতম দাস , মথুৰা মোহন হিতৈষীৰ কণ্যা তথা প্ৰাক্তন প্ৰধান শিক্ষয়ত্ৰী বীণাপানী কাকতি , প্ৰদীপ বায়ন প্ৰমুখ্যে ভালেমান বক্তাই থানেশ্বৰ মালাকৰক এই বঁটা লাভ কৰাৰ বাবে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়।

বৰপেটাৰোড ৰাস মন্দিৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক জিন্তু দাসে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত প্ৰতি বছৰৰ দৰে এইবাৰো বৰপেটাৰোড ৰাস মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা ৩৫ জন গৰীব পৰিয়ালৰ ছাত্ৰ -ছাত্ৰীক প্ৰত্যেককে দুই হেজাৰ টকাকৈ আৰ্থিক সাহাৰ্য আগবঢ়োৱা হয়। লগতে ৮৯ সংখ্যক বৰপেটাৰোড ৰাস মহোৎসৱৰ বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ প্ৰদান কৰা হয়।

Related Articles

Leave a Reply

Close