অসম

বিহাৰত বিক্ৰী কৰিবলৈ অপহৰণ এগৰাকী মহিলা:সৰ্থেবাৰী আৰক্ষীৰ তৎপৰতাত গ্ৰেপ্তাৰ অপহৰণকাৰী

প্ৰথম খবৰ, সৰ্থেবাৰী: অসমৰ গাভৰু মহিলাক লক্ষ্য কৰি লৈছে নাৰী সৰবৰাহকাৰী চক্ৰই। এইবাৰ সৰ্থেবাৰীত নাৰী সৰবৰাহকাৰী চক্ৰৰ জালত পৰিল এগৰাকী বিবাহিতা মহিলা। হিন্দু সম্প্ৰদায়ৰ এই মহিলা গৰাকীক বিহাৰত বিক্ৰী কৰিবলৈ দুষ্ট চক্ৰই চলাইছিল গভীৰ ষড়যন্ত্ৰ।

ঘটনাৰ বিৱৰণীমতে সৰ্থেবাৰী আৰক্ষীৰ থানাৰ অন্তৰ্গত বৰমাৰাৰ যুৱক আব্দুল খালেক আলীয়ে মাছৰ ব্যৱসায় কৰা সূত্ৰে চিনাকি হয় ৰাউলীৰ এগৰাকী বিবাহিতা মহিলাৰ লগত। আৰু নিশা বিভিন্ন কৌশলেৰে এই মহিলা গৰাকীক অপহৰণ কৰি আব্দুল খালেকে লৈ যায় বৰপেটা ৰোডলৈ। তাৰ পিছত লৈ যায় নিউ বঙাইগাঁও ৰে’ল ষ্টেচনলৈ। আৰু তাৰ পৰা ৰে’লেৰে বিহাৰলৈ মহিলা গৰাকীক নিয়াৰ পৰিকল্পনা কৰে। পিছত বোৱাৰী গৰাকীৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিক্তিত সৰ্থেবাৰী আৰক্ষীয়ে অতি তৎপৰতাৰে তদন্ত চলাই নিশাই নিউ বঙাইগাঁও ৰে’ল আৰক্ষীৰ সহযোগত মহিলা গৰাকীক উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে অপহৰণকাৰী আব্দুল খালেক আলীক।

অভিযোগ মতে বিহাৰৰ চফিকুল চফৰউদ্দিন ইছলাম নামৰ কুখ্যাত নাৰী সৰবৰাহকাৰী গৰাকীৰ নিৰ্দেশতে অসমত নাৰী সৰবৰাহকাৰী চক্ৰ তৎপৰ হৈ পৰিছে । এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চ্যলৰ সৃষ্টি কৰিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close