অসম

বৃহত্তৰ নাগালীম প্ৰসংগত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ উদ্যোগত গণ অভিবৰ্তন

মাৰ্ঘেৰিটাৰ পৰা ৰাণাজ্যোতি নেওগ, প্ৰথম খবৰ : বৃহত্তৰ নাগালীমত অসমৰ এক ইন্ঞ্চি ভূমিও অন্তৰ্ভুক্তি সহ্য কৰা নহ’ব – এই হুংকাৰ মাৰ্ঘেৰিটা বাসীৰ ।

মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ ১৫ তম প্ৰতিষ্ঠা দিৱস আৰু ৰাষ্ট্ৰীয় প্লেছ দিৱস উপলক্ষে ইণ্ডিয়া ক্লাৱত অনুষ্ঠিত এখন গণ অভিবৰ্তনৰ মজিয়াৰ পৰা এই হুংকাৰ দিয়া হয় কেন্দ্ৰীয় চৰকাৰক। সংস্থাৰ সভাপতি ৰাম প্ৰসাদ আম্বেদকাৰৰ পৌৰহিত্যত অনুষ্ঠিত অভিবৰ্তনত উদ্দেশ্যে বাখ্যা কৰি সংস্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে কয় যে – তথাকথিত গ্ৰেটাৰ নাগালীমত অসমৰ তিনিচুকীয়া শিৱসাগৰ গোলাঘাট কাৰ্বি আংলং কে ধৰি কেইবাখনো জিলাৰ ভূমি অন্তৰ্ভুক্ত হৈ আছে। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ বিস্তৃত অঞ্চল অন্তভুক্ত হৈ আছে এই নাগালীমত । কিন্তু কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা শেষতীয়া চুক্তিত ৰাজ্যৰ কিমান পৰিমাণৰ ভূমি অন্তৰ্ভূক্ত হৈ আছে সেয়া স্পষ্ট নহয় । সেই গতিকে কেন্দ্ৰীয় চৰকাৰে অতিশীঘ্ৰে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট ৰাজহুৱা কৰি ৰাইজৰ মাজত সৃষ্টি হোৱা আতংক ভয় শংকা আতৰ কৰিবলৈ দাবী জনায়।

সভাখনত তিনিচুকীয়াৰ শ্ৰমিক নেতা ৰঞ্জন চৌধুৰী , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা যুটীয়া সম্পাদক কাঞ্চন বৰা, ছাত্ৰ মুক্তিৰ জিলা সম্পাদক পাপু দত্ত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ মাৰ্ঘেৰিটা জিলা সমিতিৰ সভাপতি অৱনী চলিহা , বিশিষ্ট সমাজ সেৱক ভীম কৰ্মকাৰ, কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ জিলা সভাপতি নিতুল ৰাজবংশী,  প্ৰাক্তন আছু নেতা সীমান্ত মাধৱ কটকী , আছাৰ জিলা সভাপতি ৰামানুজ লাক্ৰা মহিলা নেত্ৰী অঞ্জলী বোস,  অনিতা দাস মহন্ত আদিকে ধৰি বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু নেতৃস্থানীয় ব্যক্তিয়ে বৃহত্তৰ নাগালীমত অসমৰ ভূমি অন্তৰ্ভুক্তিৰ বিৰোধীতা কৰি বক্তব্য ডাঙি ধৰে।

সভাত উপস্থিত থাকি চাহ খেতিয়ক নং ইয়ংকুকে স্পষ্ট কৰি দিয়ে যে – অসমৰ টাংচা সকলে নিজকে সদায় অসমীয়া বুলি গণ্য কৰি আহিছে আৰু গণ্য কৰি যাব।  বৃহত্তৰ নাগালীমত অসমৰ টাংচা সকল বা টাংচা গাওঁ কোনো পধ্যেই অন্তৰ্ভুক্তিৰ সপক্ষে নাই সেই কথা স্পষ্ট কৰি দিয়ে । সভাখনত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ উদ্যোগত অতিশীঘ্ৰে মাৰ্ঘেৰিটাৰ সকলো অৰাজনৈতিক সংগঠন আৰু সচেতন ব্যক্তিক লৈ বৃহত্তৰ নাগালীমত অসমৰ ভূমি অন্ত ভুক্তিৰ প্ৰতিবাদ কল্পে এক গণ আন্দোলন গঢ়ি তোলাৰ স্বাৰ্থত এখন জইন্ট একচন কমিটি গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে বৃহত্তৰ নাগালীমত অসমৰ ভূমি অন্তৰ্ভুক্ত নকৰিবলৈ আৰু ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট ৰাজহুৱা কৰিবলৈ দাবী জনাই মাৰ্ঘেৰিটা মহকুমাধিপতিৰ জড়িয়তে প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাখনত আছা আটাচু চুমী নাগা ছাত্ৰ সন্থা ভোজপুৰী যুৱ পৰিষদ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন আদিকে ধৰি বহু কেইটা সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে । অৱশ্যে লক্ষ্যনীয় ভাৱে অভিবৰ্তনত আছু গোৰ্খা ছাত্ৰ সন্থাৰ কোনো প্ৰতিনিধি উপস্থিত নাথাকে । সংস্থাৰ দুদিনীয়া কাৰ্যসূচী অনুসৰি প্ৰথম দিনা মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ দুই মাহ জোৰা অ আমাৰ গাওঁ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় । বৰগোলাই জিলা পৰিষদ আৰু পৰিষদৰ অন্তৰ্গত চাৰি খন পন্ঞ্চায়ত সামৰি লোৱা হৈছে প্ৰথম পৰ্যায়ত। সেই মৰ্মে কালি পুৱাৰ পৰা ভ্ৰমণ কৰি বুজ লোৱা হয় শামুক জান গাওঁ পন্ঞ্চায়তৰ অন্তৰ্গত মোলাং কে ধৰি বিভিন্ন অন্ঞ্চলত ৰূপায়িত বিভিন্ন চৰকাৰী কাম কাজ । মত বিনিময় কৰা হয় ৰাইজৰ সৈতে ।

উল্লেখযোগ্য যে -মাৰ্ঘেৰিটাৰ পৰা জাগুনলৈকে সকলো পঞ্চায়তৰ চলিব অভিযান। অন্যহাতে বৃহস্পতিবাৰে পুৱা পতাকা উত্তোলন কৰে সংস্থাৰ সভাপতি ৰাম প্ৰসাদ আম্বেদকাৰে। স্মৃতি তৰ্পণ কৰে মাৰ্ঘেৰিটা নগৰ সমিতিৰ প্ৰাক্তন সভাপতি সৰোজ ৰয় আৰু অন্ঞ্জলি বোসে । তাৰ পিছতে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে অনুষ্ঠিত বক্তৃতা অনুষ্ঠানত ৰাম প্ৰসাদ আম্বেদকাৰ আৰু সৰোজ ৰায়ে বক্তৃতা আগবঢ়ায় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close