অসম

ব্ৰাদাৰ্ছ’ৰ উদ্যোগত নগৰবেৰাত সজাগতা সভা

নগৰবেৰাৰপৰা মিজানুৰ ৰহমান, প্ৰথম খবৰ: কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ নগৰবেৰা বজাৰ কমিটিৰ কাৰ্যালয় প্ৰাংগনৰ সন্মুখত যোৱা কালি ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন’ব্ৰাদাৰ্ছ’ৰ উদ্যোগত আৰু মিছন পীচৰ সহযোগত সাম্প্ৰদায়িকতাবাদ বিৰুদ্ধে¸শান্তি ভাতৃত্ববোধৰ হ’কে¸ অন্ধবিশ্বাস¸ কুসংস্কাৰ¸ডাইনীৰ নামত হত্যা¸ববাল্য বিবাহ আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত শংকিত নিৰসনৰ বিষয়ৰ ওপৰত এক সজাগতা সভা অনুষ্ঠিত হয়। সভাখনত অসম মানৱ অধিকাৰ আয়োগৰ সাধাৰন সম্পাদক দিব্যজ্যোতি শইকীয়া উপস্থিত থাকি ভাষন প্ৰদান কৰে।

ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে অনুষ্ঠিত সজাগতা সভাত এনআৰচিৰ ওপৰত তেওঁ ভাষন প্ৰদান কৰি কয় যে সম্প্ৰতি সময়ত এনআৰচি সম্পৰ্কে ৰাইজৰ মাজত দেখা দিয়া ভয় আৰু শংকাই বিৰাজ কৰিছে যদিও ৰাইজক এই সম্পৰ্কে আতংকিত নহ’বলৈ আহ্বান জনায়।

সভাত বাল্য বিবাহ¸ডাইনী হত্যা আৰু অন্ধবিশ্বাস কুসংস্কাৰ আদিৰ ওপৰত ভাষন দিয়ে। সভাত ৰাইজক অন্ধবিশ্বাস সমাজৰ পৰা দুৰ কৰি এখন নিকা আৰু স্বচ্ছ সমাজ গঢ়ি তুলিবলৈ বিনম্ৰভাৱে অনুৰোধ জনায়। সভাত বাল্য বিবাহ সমাজৰ বাবে এক ব্যাধি বুলিও উল্লেখ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close