অসম

বৰপেটাৰোডৰ কাটাঝাৰত পথ দুৰ্ঘটনা, তিনি জন গুৰুতৰভাৱে আহত

প্ৰথম খবৰ, বৰপেটাৰোড: বৰপেটাৰোডৰ সমীপৰ কাটাঝাৰ পথাৰৰ মানাহ সংযোগী গড়কাপ্তানি পথত আজি পুৱা ৮.৩০ মান বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত দুজন ছাত্ৰ আৰু এজন যুৱক গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, বৰপেটাৰোডৰ আচাম ব্ৰীলিয়ান্ত একাদেমীৰ ছাত্ৰ তথা কাজিয়ামাটি গাঁৱৰ নিবাসী জেকিবুল হুছেইন ( ১৮ ) আৰু আকিবুল হুছেইনে ( ১৮) বৰপেটাৰোড অভিমুখে গ্লেমাৰ বাইকখনেৰে ( AS-15H/ 6488) আহি থাকোঁতে
কাটাঝাৰ পথাৰৰ মানাহ সংযোগী গড়কাপ্তানি পথত এজন চাইকেল আৰোহীৰ লগত মুখামুখি সংঘৰ্ষ হোৱাত তিনিও চিটিকি গৈ গড়কাপ্তানি পথটোৰ ওপৰত পৰে। ফলত তিনিওৰে প্ৰচুৰ ৰক্তক্ষৰণ হোৱাৰ লগতে মূৰত আঘাত পোৱাত বৰপেটাৰোড চিকিৎসালয়লৈ অনা হয়। কিন্তু তিনিজনৰে অৱস্থাত সংকট জনক হোৱাত লগে লগে বৰপেটা মেডিকেল কলেজলৈ পঠোৱা হয়।

ছাত্ৰ দুজন বিজ্ঞান শাখাৰ একদাশ শ্ৰেণীৰ বুলি জানিব পৰা গৈছে যদিও চাইকেল আৰোহী জন চিনাক্ত কৰিব পৰা নাই। অৱশ্যে তেওঁৰ চাইকেলত ভালেমান বয়লাৰ মুৰ্গী থকালৈ চাই তেওঁ মুৰ্গীৰ বেপাৰী হ’ব পাৰে বুলি উপস্থিত ৰাইজে মন্তব্য কৰিছে।

Related Articles

Leave a Reply

Close