অসম

বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীৰ জালত কয়লা ভৰ্তি ট্ৰাক জব্দ

চেঙাৰপৰা মইদুল ইছলাম, প্ৰথম খবৰ: ৰাজ্যত এতিয়াও এচাম অসাধু লোকে অবৈধ ভাবে ব্যৱসায় চলাই থকাৰ সময়তে বৰপেটা জিলাৰ চেঙাত এখন কয়লা ভৰ্তি ট্ৰাক আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। চালানবিহীন ভাবে কয়লা ভৰ্তি AS-01-HC-7087 নম্বৰৰ ট্ৰাকখন গুৱাহাটীৰ বেলতলাৰ পৰা চেঙাৰ CBI ইটা ভাটীলৈ বুলি আহি থাকোতেই স্থানীয় তাৰাবাৰী আৰক্ষী থানাৰ নিশাৰ তহলদাৰী আৰক্ষী দলৰ জালত পৰে ট্ৰাকখন।

ইতিমধ্যে তাৰাবাৰী আৰক্ষীয়ে 311/17 নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধিৰ 379 ধাৰাৰ অধীনত ট্ৰাকখনৰ চালক নুৰুল হক (38)ক জে’ললৈ প্ৰেৰণ কৰে। ধৃত চালকজন বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত পাতিলাদহাৰ বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close