অসম

ভুৱা বাতৰি পৰিবেশনৰ পিছতে বহৰি সত্ৰ পৰিচালনা সমিতিৰ সংবাদ মেল 

চেঙাৰ পৰা মইদুল ইছলাম, প্ৰথম খবৰ: বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত বহৰি সত্ৰ পৰিচালনা সমিতিৰ সংবাদ মেল। এটি ব্যক্তিগত নিউজ চেনেলে ভুৱা বাতৰি পৰিবেশনৰ পিছতে সত্ৰ পৰিচালনা সমিতিয়ে সংবাদ মেল আয়োজন কৰে।

উক্ত সংবাদ মেলত সত্ৰ পৰিচালনা সমিতিয়ে প্ৰকাশ কৰে যে এটি ব্যক্তিগত নিউজ চেনেলত প্ৰকাশ হোৱা বাতৰিটো বৰপেটাৰ সংবাদ কৰ্মীয়ে সম্পূৰ্ণ তথ্যহীন ভাবে বাতৰি প্ৰকাশ কৰিছে আৰু বাতৰিটো সম্পূৰ্ণ মিছা বুলি অভিযোগ কৰে। লগতে বাতৰিটো ভুল হোৱা বুলি উক্ত সাংবাদিকগৰাকীক বাতৰিটো ভুল বুলি পুনৰবাৰ বাতৰি প্ৰকাশ কৰিবলৈ দিয়ে । আৰু
চেঙা উন্নয়ন খণ্ডৰ অধীনত খহনীয়া ৰোধ কৰা আঁচনি সফল হোৱাৰ দাবী সত্ৰ কৰিছে সত্ৰ পৰিচালনা সমিতিয়ে ।
আঁচনিৰ ধন অনুমোদন নৌহওতেই কৰা কেলেংকাৰীৰ বাতৰিৰ তীব্ৰ বিৰোধিতা।
বহৰি সত্ৰৰ লগতে দক্ষিণ পূৱ বৰপেটাক সুৰক্ষা দিয়াৰ বাবে চৰকাৰক স্থায়ী আঁচনি লোৱাৰ দাবী জনাইছে সত্ৰ পৰিচালনা সমিতিয়ে ।

Related Articles

Leave a Reply

Close