অসমশীৰ্ষ

ভয়াৱহ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল নাগালেণ্ড এক্সপ্ৰেছ

চিত্তকমল বেজবৰাৰ বিশেষ প্ৰতিবেদন, প্ৰথম খবৰ: ভয়াৱহ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল নাগালেণ্ড এক্সপ্ৰেছ। নৈলালং আৰু ডিফু ৰেল ষ্টেচনৰ মাজত দুষ্কৃতিকাৰীয়ে খুলিলে ৰে’ল লাইন৷ যাৰ ফলত কথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল ডিমাপুৰ গুৱাহাটী অাভিমুখী নাগালেণ্ড এক্সপ্ৰেছ।

কিছু সময়ৰ বাবে বন্ধ হৈ পৰে ৰে’লৰ চলাচল ৷ ইতিমধ্যে ৰে’ল লাইন মেৰামতি প্ৰায় সম্পূৰ্ণ হোৱা বুলি ৰে’ল কৰ্তৃপক্ষই প্ৰথম খবৰ জানিবলৈ দিছে ৷ মুকলি কৰি দিয়া হৈছে ৰে’লৰ চলাচল। আৰক্ষীয়ে বৰ্তমানলৈকে এই ঘটনাত জড়িত কোন সেইয়া স্পষ্ট কৰিব পৰা নাই যদিও ঘটনা সম্পৰ্কত তদন্ত আৰম্ভ কৰিছে।

Related Articles

Leave a Reply

Close