অসম

মংগলদৈত অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদ দৰং জিলা সমিতিৰ গণ বিক্ষোভ কাৰ্যসূচী

প্ৰথম খবৰ, মংগলদৈ / দেওমৰনৈ: দৰং জিলাত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিয়ে গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে অসম চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰদান কৰে জিলা উপায়ুক্তৰ জৰিয়তে।

প্ৰতিবাদকাৰীৰ দাবী দৰং জিলাক ভাৰতীয় ৰে’লৰ মানচিত্রত শীঘ্ৰে অৰ্ন্তভুক্ত কৰা, ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথক শীঘ্ৰে ফ’ৰলেনলৈ উন্নীত কৰাৰ লগতে মেৰামতিৰ ব্যৱস্থা কৰক। ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰস্তাৱিত কুৰুৱা -বোন্দা পাহাৰ সংযোগী দলং শীঘ্ৰে নিৰ্মাণ কৰা, ওৰাং ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ লগতে দৰং জিলাত অবধ্য বেদখল হৈ থকা চৰকাৰী, পিজিআৰ, ভিজিআৰ ভুমি বেদখল মুক্ত কৰা, মংগলদৈ অসামৰিক চিকিৎসালয়ক পুৰ্ণ পৰ্যায়ৰ চিকিৎসালয় হিচাপে ঘোষণা কৰক লগতে দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয় সমূহত প্ৰয়োজনীয় চিকিৎসক, নাৰ্চ অন্যান্য কৰ্মচাৰী নিযুক্তিৰ ব্যৱস্থা কৰক। মংগলদৈ চহৰৰ মাজেৰে যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ শীঘ্ৰেই চহৰৰ দক্ষিণ দিশেৰে নিয়াৰ ব্যৱস্থা কৰক, মংগলদৈত স্থাপন হোৱা কাৰিকৰী প্ৰশিক্ষণ প্ৰতিষ্ঠান (I T I) খন অতিশীঘ্ৰে কাৰ্যক্ষম কৰক, মংগলদৈ চহৰৰ মৰানদীৰ বেদখল মুক্ত কৰি বিকল্প পথ নিৰ্মাণ কৰাৰ লগতে মংগলদৈ বৰপুখুৰীৰ পাৰৰ অবধ্য ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহ, মংগলদৈ নদী আৰু বেগা নদীৰ পাৰৰ অবধ্য বেদখল অতিশীঘ্ৰে উচ্ছেদ কৰা, দৰং জিলাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সমূহত চলি থকা অবাধ দুৰ্নীতি, গড়কাপ্তানি বিভাগ, জলসম্পদ বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, দৰং জিলা পৰিষদ, দৰং জিলা পৰিবহন বিভাগত সংঘটিত অবাধ দুৰ্নীতিৰ মুখ্যমন্ত্রীৰ দুৰ্নীতি নিবাৰক শাখাৰ জৰিয়তে তদন্ত কৰি বিষয়া কৰ্মচাৰীক শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়।

দৰং জিলাত চলি থকা অবধ্য শিল বালি আৰু মাটিৰ ব্যৱসায় বন্ধ কৰা আদিৰ দাবীত মংগলদৈ চহৰৰ মাজেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। গণ বিক্ষোভ কাৰ্যসূচীত সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close