অসম

মনোজ দত্তৰ উচ্চ ৰক্তচাপত মৃত‍্যু

প্ৰথম খবৰ, টেঙাখাত: মদাৰখাত মৌজাৰ হাটখোলা গাঁৱৰ মনোজ দত্ত (বুবুল)ৰ উচ্চ ৰক্তচাপত মৃত‍্যু হয়। যোৱা ৭ নৱেম্বৰত উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ সঞ্জিৱনী চিকিৎসালয়ত কমা অৱস্থাত থাকি কালি শেষ নিশ্বাস ত‍্যাগ কৰে। মৃত‍্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৩৮ বছৰ।

জনস্বাস্থ‍্য বিভাগৰ হাটখোলা পানী যোগান আঁচনিৰ অস্থায়ী কৰ্মচাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। অমায়িক নিৰ্জু স্বভাৱৰ ব‍্যক্তিজনৰ অকাল বিয়োগত গুণমুগ্ধ সকলোকে কন্দুৱাই যায়। মৃত‍্যুৰ সময়ত পত্নী, ৯ বছৰীয়া এটি পুত্ৰ, ৫ মহীয়া এটি কন‍্যা, মাতৃ আৰু ৩ জন ভাতৃক ইহ সংসাৰত এৰি থৈ যায়।

Related Articles

Leave a Reply

Close