অসম

মাজদিয়া হাইস্কুলত দ্যা ভিঞ্চি আৰ্ট এণ্ড ক্ৰাফ্ট একাডেমিৰ চিত্ৰ প্ৰদৰ্শনী

চেঙাৰপৰা মইদুল ইছলাম, প্ৰথম খবৰ: বৰপেটা জিলাৰ মাজদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৫২ সংখ্যক বাৰ্ষিক অধিবেশন আৰু বঁটা বিতৰণী সভাৰ লগত সংগতি ৰাখি দ্যা ভিঞ্চি আৰ্ট এণ্ড ক্ৰাফ্ট একাডেমিৰ সৌজন্যত দ্বিতীয় বাৰ্ষিক চিত্ৰ প্ৰদৰ্শনী মাজদিয়া হাইস্কুলত অনুষ্ঠিত হয়।

বৃহস্পতিবাৰে এই চিত্ৰ প্ৰদৰ্শনী উন্মোচন কৰে মাজদিয়া হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ তথা সহকাৰী অভিযন্তা আব্দুল মতিনে। দ্যা ভিঞ্চি আৰ্ট এণ্ড ক্ৰাফ্ট একাডেমিৰ অধ্যক্ষ জাকিৰ হুছেইনৰ নেতৃত্বত এই চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। উন্মোচনী অনুষ্ঠানত মধ্য কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত আৰৱী বিভাগৰ মুৰব্বী অধ্যাপক ডঃ চফুৰ আলী আহমেদ, মাজদিয়া হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক মতিয়ৰ ৰহমান, সহকাৰী শিক্ষক কামৰুজ জামান সহ বহু কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close