শেহতীয়া
Home / অসম / মাজুলীৰ ৰাসক বৃহৎ উদ্যোগ ৰূপে গঢ়ি তোলক, চৰকাৰে কমলাবাৰীত ৰাস চাই অনুভৱ হ’ল

মাজুলীৰ ৰাসক বৃহৎ উদ্যোগ ৰূপে গঢ়ি তোলক, চৰকাৰে কমলাবাৰীত ৰাস চাই অনুভৱ হ’ল

কৃষ্ণ ভূঞা:
মধুময়, মায়াময় হৈ পৰিছিল প্ৰতিটো নিশা। শৰতৰ বিতোপন পৰিৱেশত গকুল, মথুৰা, বৃন্দাবন হৈ পৰিছিল মাজুলীৰ প্ৰতিখন ৰাসথলী। যিকোনো স্থানৰ পৰা গুঞ্জৰিত হৈ অহা ৰাসৰ গীত বোৰে উতলা কৰি ৰাখিব পাৰিছিল মাজুলীবাসীৰ লগতে বৃহৎ আধ্যাত্মিক মহোৎসৱ উপভোগৰ বাবে অহা প্ৰতিজন কৃষ্ণ প্ৰেমী দৰ্শকক। সৰুৰে পৰা ৰাসত অভিনয় কৰাৰ অভ্যাস। সেই কাৰণেই ৰাসৰ প্ৰতি আছে এক সুকীয়া তান। অভিনয়ৰ লগত ব্যস্ত হৈ পৰিলে মঞ্চই মঞ্চই ৰাস উপভোগ কৰা নহয়। সেয়েহে এইবাৰ অভিনয় এৰি ৰাস চোৱাৰ পৰিকল্পনা। হেপাহ আছিল কমলাবাৰী ৰাজীৱ গান্ধী ক্ৰীড়া ক্ষেত্ৰত সন্মিলিত শিল্পী সমাজে আয়োজন কৰা ৰাস উপভোগ কৰাৰ। সেই হেঁপাহৰ আছিল কেইবাটাও কাৰন। সাংবাদিক মিতু খাটনিয়াৰৰ মুখত শুনি থকা সেই ৰাসৰ প্ৰশংসা, ৰাসৰ পূৰ্বে সেই ৰাসৰ শিল্পী সকলে কৰা আখৰাৰ অপূৰ্ব দৃশ্যৰাজিয়ে আমাক যথেষ্ট আকৰ্ষিত কৰিছিল। সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তি হিচাপে নিজৰ দায়িত্ব বুলি ভাবিয়েই ৰাসৰ প্ৰচাৰত পাৰ্যমানে গুৰুত্বও দিছিলো।
কিন্তু প্ৰশ্ন হয়, কিয় ব্যতিক্ৰম এই ৰাস? এইখিনিতে এটা কথা স্পষ্ট কৰি থোৱা ভাল যে আমি ব্যক্তিগত ভাবে মাজুলীৰ সকলো ৰাস উপভোগ কৰিব পৰা নাই এতিয়ালৈকে। সেয়ে সন্মিলিত শিল্পী সমাজৰ ৰাসৰ সৈতে অন্য মঞ্চৰ ৰাস তুলনাও কৰিব বিচৰা নাই। কাৰন মাজুলীত আধ্যাত্মিকতা বজাই ৰাখি সকলোৱে নিজা নিজা শৈলীৰে ৰাস পৰিৱেশন কৰে আৰু সেয়া চাই সকলো অতি আপ্লুত হোৱাও দেখা যায়। এতিয়া কথা হ’ল সন্মিলিত শিল্পী সমাজে কেনেকৈ আমোদ দিছে দৰ্শকক? মোৰ অনুভৱ, সন্মিলিত শিল্পী সমাজে মাজুলীৰ ৰাসক এক উদ্যোগলৈ ৰূপান্তৰিত কৰাত যথেষ্ট সহায় কৰিছে। যিটো অত্যন্ত ভাল খবৰ। তাৰ ৰাস চাই আপোনাৰো অনুভৱ হ’ব-তেওঁলোক খুবেই প্ৰফেচনেল ( ইয়াৰ অৰ্থ এইটো নহয় যে বাকীবোৰ প্ৰফেচনেল নহয়)। সকলো শ্ৰেনীৰ লোকক আমোদ দিব পৰা তেওঁলোকৰ নাটকৰ সংলাপ। উন্নত মানৰ কাৰিকৰী কৌশল সেই ৰাসৰ আন এটা যোগাত্মক দিশ। শিল্পী নিৰ্বাচনত তেওঁলোক সফল হৈছে। অভিনেতা অভিনেত্ৰীৰ পৰা গায়ক গায়িকালৈ সকলোতে তেওঁলোক ওস্তাদ। তেওলোকৰ শিল্পীবৃন্দই পৰিৱেশন কৰা ৰাসৰ গীত বোৰেও দৰ্শকক দোভাগ নিশালৈ ধৰি ৰাখিব পাৰিছে। দৃষ্টিনন্দন দৃশ্য সজ্জাৰ বাবেই দৰ্শকৰ সন্মুখত ফুটি উঠিছে সাইলাখ মথুৰাৰ ৰাজ কাৰেং। অতি আকৰ্ষণীয় তেওঁলোকৰ মহাৰাস। বাঁহীৰ সুৰে কেৱল যে ৰাধাকে উতলা কৰে এনে নহয়, বাহীৰ সুৰে মতলীয়া কৰে প্ৰতিজন দৰ্শকক।বৃন্দাবন সদৃশ হৈ পৰে মঞ্চ। যত ৰাধা কৃষ্ণৰ প্ৰণয়ৰ নিখুঁত অভিনয়ে মোহাচ্ছন্ন কৰি ৰাখিব পাৰে দৰ্শকক। সেই বাবেই চাগে সন্মিলিত শিল্পী সমাজৰ ৰাস চাবলৈ ঢপলিয়াই যায় ৰাজ্যৰ বিভিন্ন ঠাইৰ লোক।


ভ্ৰাম্যমাণৰ মঞ্চত যেতিয়া টাইটানিক নাটকখন চাইছিলো, সেই সময়ত পানীৰ ঢলটোৰ কথা সকলোৰে মুখে মুখে চৰ্চিত হৈছিল। আজিও চোৱাসকলে পাহৰিব পৰা নাই সেই দৃশ্য। কিন্তু এইবাৰ মাজুলীৰ ৰঙাচাহী প্ৰগতি ৰংগমঞ্চৰ শিল্পী কলা কুশলী সকলে আকৌ এবাৰ মনত পেলাই দিলে টাইটানিকৰ সেই পানীৰ দৃশ্যলৈ। প্ৰস্তাৱনা দৃশ্য আৰু যমুনাৰ দৃশ্য তেওঁলোকে যেনেদৰে কৰি দেখুৱালে সেয়া চোৱা সকলে সহজতে পাহৰিব নোৱাৰে। থলুৱা শিল্পীৰ কি চমৎকাৰ সেয়া ৰঙাচাহী প্ৰগতি ৰংগমঞ্চৰ ৰাস উপভোগ কৰা সকলে ভালদৰেই দেখিলে। জীৱন্ত মানুহ চক্ৰবাত অসুৰৰ ৰূপত শূণ্যত উৰুৱাই ৰঙাচাহীৰ শিল্পীয়ে যি শিহৰণকাৰী খেলা দেখুৱালে সেয়া কৰি দেখুৱীটো মুখৰ কথা নহয়।
এইবাৰ আহো সত্ৰৰ ৰাসৰ প্ৰসংগলৈ। কেৱল পুৰুষেই অভিনয় কৰে সত্ৰৰ ৰাসত। পুৰুষ চৰিত্ৰৰ সমান্তৰালকৈ তেওঁলোকে অতি নিখুঁতভাৱে ৰূপায়ন কৰে মহিলা চৰিত্ৰ। ৰাইজে তাৰ প্ৰমাণ পালে উত্তৰ কমলাবাৰী সত্ৰৰ লগতে ৰাস অনুষ্ঠিত কৰা আন আন সত্ৰ সমুহত। উত্তৰ কমলাবাৰী সত্ৰৰ চৌহদত আছে এটা পুখুৰী। তাৰ কাষতেই মুকলি ৰাসৰ বাবে নিৰ্মাণ কৰা হৈছিল মঞ্চ। যমুনাৰ ৰূপত সজাই পৰাই তোলা হৈছিল পুখুৰীটো। মঞ্চত কৃষ্ণৰ বাঁহীৰ সুৰ আৰু পুখুৰীৰ পাৰে পাৰে ৰাধা সহিতে গোপীসকলৰ নৃত্যৰ লহৰ। মাজে মাজে প্ৰতিকী যমুনাত গাঁ ধোৱাৰ দৃশ্য… সেই দৃশ্য চাই বহু দৰ্শকেই কৈছিল, এনে দৃশ্য চাবলৈ ভাগ্য লাগিব। সচাকৈ মাজুলীৰ ৰাসৰ আমেজ বৰ্ননা কৰি শেষ কৰিব নোৱাৰি। এটা সৰু লিখনিত ৫২ টা মঞ্চ আৰু ইমান কেইখন সত্ৰৰ ৰাসৰ বিষয়ে আলোচনা কৰি শেষ কৰিব নোৱাৰি। এয়া এক অনুভৱ মাত্ৰ। আপুনি নিশ্চয় প্ৰশ্ন কৰিব, ইমান এক বৃহৎ আধ্যাত্মিক মহোৎসৱৰ বহুল প্ৰচাৰৰ বাবে চৰকাৰৰ কোনো কৰণীয় নাই নেকি? নিশ্চয় আছে। এই মহোৎসৱ জীয়াই ৰাখিবৰ বাবে আৰু বহুল প্ৰচাৰৰ বাবে মাজুলীৰ শিল্পী কলা কুশলী সকলক চৰকাৰেই উৎসাহ যোগাব লাগিব। সকলোৰে সন্মিলিত প্ৰচেষ্টাৰেহে সংস্কৃতিৰ উত্তৰন সম্ভৱ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*