অসম

মাদানীক গ্ৰেপ্তাৰৰ দাবীত উত্তাল ৰাজগড়ৰ ৰাজপথ

টিংখাঙৰ পৰা মিৰাণ ইছলাম, প্ৰথম খবৰ: মাদানীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবীত শুকুৰবাৰে সন্ধিয়া উত্তাল হৈ পৰে ৰাজগড়ৰ ৰাজপথ। যিসময়ত অসমবাসীৰ বহু প্ৰত্যাক্ষিত NRC ৰ কাম-কাজ ক্ষীপ্ৰ গতিত আগবাঢ়িছে তেনে সময়তে মৌলানা আৰ্শ্বাদ মাদানীয়ে অসমত সাম্প্রদায়িক বিষবাষ্প বিয়পাব খোজা ষড়যন্ত্রৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসমীয়া যুৱ মঞ্চ।

আজি সন্ধিয়া টিংখাঙৰ ৰাজগড়ত অসমীয়া যুৱ মঞ্চই এক বিশাল জোঁৰ সমদল বাহিৰ কৰি মাদানীৰ মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৰ্ব্যস্ত কৰে। সংগঠনটোৱে অতি শীঘ্ৰে মাদানীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী তোলে। সংগঠনটোৱে লগতে NRC ৰ কাম ক্ষীপ্ৰ কৰা , বাংলাদেশীক অতি শীঘ্ৰে অসমৰ পৰা বহিষ্কাৰ কৰা, নগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী তোলিছে। অন্যথা ৰাজ্যজুৰি জংগী আন্দোন গঢ়ি তুলিব বুলি হুংকাৰ দিছে সংগঠনটোৱে।

Related Articles

Leave a Reply

Close