অসমবিনোদন

মিছেচ্‌ ইণ্ডায়া হ’মমেকাৰ খিতাপ লাভ কৰা কবিতা নাৰ্জাৰীক গৃহভূমিত আদৰণি

গোসাঁইগাঁৱৰপৰা ৰুবুল পাঠক, প্ৰথম খবৰ: মিছেচ্‌ ইণ্ডিয়া হ’মমেকাৰ,মিছেচ্‌ নৰ্থ ইষ্ট আৰু মিছেচ্‌ এছিয়ান ৰিপাব্লিক ২০১৭’ৰ সন্মান লাভ কৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনা গোসাঁইগাৱঁৰ জীয়ৰি কবিতা নাৰ্জাৰীক আজি উষ্ম আদৰণি জনাই কোকৰাঝাৰ জিলাবাসীয়ে৷

কবিতা নাৰ্জাৰীয়ে কোকৰাঝাৰত উপস্থিত হোৱাৰ লগে লগে ৰাইজৰ মাজত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে৷ কোকৰাঝাৰৰ পৰা গোসাঁইগাওঁ নিজ জন্ম স্থানলৈ আহি পোৱাত বহু শুভাকাংশীয়ে কবিতা নাৰ্জাৰীক ফুলাম আৰনাই, ফুলৰ শৰাইৰে আদৰণি জনায় আৰু তেওঁৰ এই সফলতাক গোসাঁইগাওঁ বাসী ৰাইজৰ বাবে গৌৰৱৰ বিষয় বুলি শলাগ লয় ৷

কবিতা নাৰ্জাৰীক বৃহস্পতিবাৰে বিয়লি বড়ো ৰাইটাৰ্চ একাডেমী’ৰ গোসাঁইগাওঁ শাখাৰ তৰফৰ পৰাও ফুলাম আৰনাইৰে অভিনন্দন জ্ঞাপন কৰে ৷ উল্লেখযোগ্য বিষয় যে, দিল্লীৰ গুৰগাওঁস্থিত কিংডম্‌ অৱ ড্ৰিম’ অডিতৰীয়ামত ৪ নৱেম্বৰৰ পৰা ৭ নৱেম্বৰলৈ অনুষ্ঠিত হোৱা ২০১৭ বৰ্ষৰ মিছেচ্‌ ইণ্ডিয়া হোম’মেকাৰ, মিছেচ্‌ নৰ্থ ইষ্ট আৰু মিছেচ্‌ এছিয়ান ৰিপাব্লীক’ৰ সৌন্দৰ্য্য প্ৰতিযোগীতাৰ অন্তিম আৰু চূড়ান্ত প্ৰতিযোগীতাত ৪০ গৰাকী মহিমাময়ী নাৰীৰ ভিতৰত কবিতা নাৰ্জাৰীক ধৰি মুঠ ১৪ গৰাকী প্ৰতিযোগীয়ে চূড়ান্ত প্ৰতিযোগীতাত নিৰ্বাচিত হয় আৰু ইয়াৰ ভিতৰত প্ৰথম স্থান দখল কৰি গোসাঁইগাওঁ বাসী ৰাইজৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে গৌৰৱময়ী খিতাপ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷

আনহাতে মিছেচ্‌ ইণ্ডিয়া হ’মমেকাৰ, মিছেচ্‌ নৰ্থ ইষ্ট আৰু মিছেচ্‌ এছিয়ান ৰিপাব্লিকৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱা কবিতা নাৰ্জাৰীয়ে আগন্তুক দিনত চিংগাপুৰত অনুষ্ঠিত হবলগীয়া প্ৰতিযোগীতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব বুলি জানিবলৈ দিয়ে ৷

নাৰ্জাৰীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ অভিজ্ঞতাৰ কথা সোৱঁৰি কয়, “মিছেচ্‌ ইণ্ডিয়া হ’মমেকাৰ প্ৰতিযোগীতাত অকল নাৰীৰ সৌন্দৰ্য্যৰ ওপৰত ভিত্তি কৰি নিৰ্বাচিত কৰা নহয়, এদৰাকী নাৰীৰ সকলো দিশকে প্ৰাধান্য দিয়ে। এই সন্মানে মোৰ মনবল আৰু অধিক শক্তিৰ সঞ্চাৰ কৰিছে ৷ জীৱন যুদ্ধত বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজেৰে আগুৱাই আহি মই মোৰ জীৱনৰ এই মূহূৰ্তই এক আত্ম সন্তুষ্টি প্ৰদান কৰিছে ৷ মোৰ মা’ মোৰ বাবে সদায় প্ৰেৰণাৰ উৎস আছিল ৷ মোৰ এই কৃতকাৰ্য্যতাৰ বাবে মোৰ বন্ধু, বান্ধৱ, মোৰ পৰিয়াল বৰ্গৰ লগতে প্ৰতিগৰাকী শুভাকিংশীৰ মৰম ভাল পোৱা আৰু আশীৰ্বাদে মোক শক্তি যোগাইছে ৷ যাৰ বাবে মই সদায়ে সকলকে মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো ৷”

গোসাঁইগাওঁ মহকুমাৰ সৰাইবিল অতি পিছপৰা অঞ্চলত স্বৰ্গীয় তৰণী কান্ত নাৰ্জাৰী আৰু স্বৰ্গীয় বেলহা নাৰ্জাৰীৰ জীয়ৰি তথা দুটি সন্তানৰ মাতৃ কবিতা নাৰ্জাৰী এগৰাকী জুম্বা ট্ৰেনাৰ হিচাপে কাৰ্য্যনিৰ্বাহ কৰি থকাৰ লগতে “লিওন” এন জি অ’ৰ চি ই অ’ হিচাপে দায়িত্ব পালন কৰি আছে ৷

গোসাঁইগাঁৱৰপৰা ৰুবুল পাঠক, প্ৰথম খবৰ:

Related Articles

Leave a Reply

Close