অসম

মুখ্যমন্ত্ৰী বিশেষ বৃত্তিমূলক পৰীক্ষাত উজলিল মহুৰামুখ হাইস্কুল

প্ৰথম খবৰ, খুমটাই: গোলাঘাট জিলাৰ বোকাখাত মহকুমা অন্তৰ্গত মহুৰামুখ হাইস্কুলৰ পৰা ২০১৭ বৰ্ষৰ মুখ্যমন্ত্ৰী বিশেষ বৃত্তিমূলক পৰীক্ষাত বিদ্যালয় খনৰ ১৯ গৰাকী ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিছে।
বিদ্যালয়খনৰ পৰা দিব্যজ্যোতি দাও, ৰন্টু দাও, চিৰাজ সুত, নয়ন বৰা, প্ৰাণজিত লইং, বেদান্ত লইং, ইন্দ্ৰানী ৰাজখোৱা, অনীশা তুৰি, বৰ্ণালী বৰা, লাকীমণি বৰুৱা, বিদিশা টাইড, নিজুমণি বৰা, প্ৰজ্ঞা দলে, ডলি দত্ত, প্ৰেৰণা ডেকা, সমুদ্ৰ দত্ত, সুচাংক লইং আৰু সংস্কৃতি বৰাই ২০১৭ বৰ্ষৰ মুখ্যমন্ত্ৰী বিশেষ বৃত্তিমূলক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ এই সাফল্যত উৎফুল্লিত হৈছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক, শিক্ষক গোটৰ লগতে অভিভাৱকসকলো।

Related Articles

Leave a Reply

Close