অসম

মেৰাপানীত আছুৰ গণ বিক্ষোভ

মেৰাপানীৰপৰা দিপু মেচ,প্ৰথম খবৰ: নাগা ফ্ৰেমৱৰ্ক চুক্তিক কেন্দ্ৰ কৰি এফালৰ পৰা জ্বলিছে ৰাজ্য । শুক্ৰবাৰে নগাপাহাৰৰ সীমান্তৰ মেৰাপানীত কেইবাহাজাৰ আছুকৰ্মীয়ে ব্যাপক গণবিক্ষোভেৰে কঁপালে সীমান্তৱৰ্তী অঞ্চলটো।

অসমৰ ভূখণ্ড ৰক্ষা কৰা আৰু ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ দাবীৰে আছুৰ প্ৰতিবাদকাৰীসকলে এক দীঘলীয়া সমদলেৰে মেৰাপানী টাউন কঁপাই তোলে। আছুৰ কেন্দ্ৰীয় নেতা, গোলাঘাট জিলা সমিতিৰ নেতৃবৰ্গৰ লগতে আঞ্চলিক সমিতিৰ নেতৃবৰ্গই বিতৰ্কিত চুক্তিখনক লৈ শাসনাধিষ্ঠ চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে।

অনতিপলমে ফ্ৰেমৱৰ্ক এগ্ৰীমেণ্ট ৰাজহুৱা নকৰিলে আছুৱে ৰাজ্যজুৰি ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদস্থলীৰ পৰা। উল্লেখ্য যে, নাগালীম চুক্তি বাস্তবায়িত হ’লে সমগ্র অসমভূমিৰ সৰ্বাধিক মেৰাপানী ডি চেক্টৰৰে ভূমি নাগাৰ অধিনলৈ যাব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close