অসম

মৈৰাবাৰীত NRC ৰ সজাগতা সভা

প্ৰথম খবৰ, মৈৰাবাৰী: সম্প্ৰতি উচ্চতম ন্যায়লয়ৰ প্ৰত্যক্ষ তত্বাবধানত উন্নীতকৰণৰ কাম চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপজ্ঞীৰ সন্দৰ্ভত এখনি সজাগতা সভা আজি মৰিগাঁও জিলাৰ মৈৰাবাৰী থানা চৌহদত অনুষ্ঠিত হৈ যায়। থানাখনৰ প্ৰতিষ্ঠাপক সভাপতি আলহাজ নুৰুল ইছলাম মুক্তাৰে সঞ্চালনা কৰা সজগতা সভাটোত থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভূপেন কলিতাই সমবেত সকলক উদ্দেশ্যি বহুমূলীয়া ভাষণ আগবঢ়ায়।

মৈৰাবাৰী থানা গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক পংকজ মহেলাৰ লগতে থানা এলেকাধীনৰ গাঁওৰক্ষী বাহিনীৰ সমূহ বিষয়ববীয়া আজিৰ সজাগতা সভাখনত উপস্থিত আছিল।

Related Articles

Leave a Reply

Close