অসম

মৈৰাবাৰী গাৰ্লচ কলেজৰ ২১তম নৱাগত আদৰণি সভা

মৈৰাবাৰীৰপৰা তাৰিকুল ইছলাম, প্ৰথম খবৰ: মৰিগাঁও জিলাৰ নাৰী শিক্ষাৰ একমাত্ৰ অগ্ৰনী শিক্ষানুষ্টান মৈৰাবাৰী হাজী আমছৰ আলী মুক্তাৰ ছোৱালী কলেজৰ ২১ তম নৱাগত আদৰণি সভাখন আজিৰপৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয়। পুৱা ৯ বজাত পতাকা উত্তোলনৰ অন্তত ছাত্ৰীসকলৰ মাজত চিনাকি পৰ্ব, নাটক মঞ্চায়ন, নৃত্য পৰিৱেশন আৰু দিনৰ ১ বজাত মুকলি সভা অনুষ্ঠিত হৈ যায়।

অধ্যক্ষাগৰাকীয়ে উদ্দেশ্য ব্যাখা কৰা মুকলি সভাখনত সভাপতিত্ব কৰে পৰিচালনা সমিতিৰ সভাপতি মোস্তফা শ্বহীদুল ইছলামে। মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লীলাকান্ত বৰঠাকুৰ, মৈৰাবাৰী আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ লুতফুৰ ৰহমান আৰু বটদ্ৰবা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ সজ্ঞীৱ পোখৰেলে অতিথি হিচাপে উপস্থিত থাকি মুকলি সভাত বহুমূলীয়া বক্তব্য ৰাখে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close