কবিতা

মোৰ প্ৰেম আৰু অনিশ্চয়তা

দেৱপ্ৰসাদ মেছ
কমাৰগাওঁ

তোমাৰ প্ৰেমৰ ৰাগীত অভ্যস্ত হৈ পৰিছো মই ক্ৰমশঃ ..থিক তেনেকৈ সাগৰৰ ধুমুহাত অভ্যস্ত হৈ পৰা নাওখনৰ দৰে…
আজি তুমিবিহীন শাব্দীক বিনিময়ৰ নিশাতো বৰ ধূসৰ হৈ পৰিব , কাৰণ উজাগৰী নিশা সপোন ৰচিবলৈ ,তোমাৰ আব্দাৰ অভিমানবোৰ শুনিবলৈ …তুমি যে আজি নাই|
মোৰ প্ৰেমত তুমি উৎসৰ্গিত শূন্যতাৰ সপোনবোৰ (অনিশ্চয়তাৰ) পাগুলি কটাই দিছো প্ৰতিটো নিশা ,প্ৰতিটো প্ৰহৰ , ..এতিয়া তুমি দি যোৱা শূন্যতাখিনিয়েই আকোঁৱালি লৈছো হেপাঁহেৰে ,আশাৰে সেই বিশেষ দিনটোলৈ ..যিটো দিনলৈ তুমি ঠেলি পঠিয়াইছা মোৰ অজস্ৰ সপোনৰ নৌকা …
….এতিয়া কি জানা অনিশ্চয়তাৰ কোৱাল সুঁতত ককবকাই আছোঁ মই,তাৰ বাহিৰে কৰিমনো কি ?লিখিবও নোৱাৰো বিৰহৰ কবিতা,কবও নোৱাৰো কাকো মোৰ সুখ দুখৰ শিহৰণবোৰৰ কথা|


জানো মই আকৌ তুমি অনিশ্চয়তাৰ বুকুলৈকে ঠেলি দিবা ,তথাপিও কিয় জানো জীপাল হৈ পৰো মই তোমাৰ সান্নিধ্যত , তাজমহলৰ দৰে হৈ পৰো তোমাৰ কন্ঠস্বৰত…|
…মোৰ অতীত ,বৰ্তমান ,ভৱিষ্যতত এতিয়া মাথোঁ তুমি| কিনো কৰিম কোৱা মোৰ বাস্তৱৰ পটভূমিত সপোনবোৰ উটাই দিবলৈও মই নি:সহায়,কাৰণ কথা যে দিলো আজীৱন তোমাৰ হৈয়ে থাকিম .. প্ৰতিশ্ৰুতি হেঁপাহেৰে…. আৰু তুমি ??????

Related Articles

Leave a Reply

Close