অসমশীৰ্ষ

যোৰহাটত ভয়াৱহ অগ্নিকাণ্ড, লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভূত

যোৰহাটৰপৰা ঋতুৰাজ ফুকন, প্ৰথম খবৰ: যোৰহাটৰ পুলিচ কলনিত সংঘটিত হোৱা এক ভয়াৱহ অগ্নিকাণ্ডত জাহ যায় প্ৰায় লক্ষাধিক টকাৰ সা-সম্পত্তি । শ্বৰ্ত চাৰ্কিতৰ পৰা সংঘটিত হোৱা এই অগ্নিকাণ্ডত এটা চিলিণ্ডাৰ ফুটাৰ ফলত জুইয়ে ব্যাপক ৰূপ লয়।

উল্লেখযোগ্য যে, যোৰহাট আৰক্ষীৰ বিপুল বৰা, জাহিৰ আৰু ধীৰেণ গোঁহাই নামৰ তিনিজন কৰ্মচাৰীৰ চৰকাৰী আবাস গৃহ জুইত কম-বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হয়। পিছত অগ্নি নিৰ্বাপক বাহিনীয় উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে।

উল্লেখযোগ্য যে, ঘন বসতি পূৰ্ণ যোৰহাট পুলিচ কলনি এই অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে। অৱশ্যে এই অগ্নিকাণ্ডত এতিয়ালৈকে কোনো হতাহত হোৱা নাই।

 

Related Articles

Leave a Reply

Close