অসম

যোৰহাটৰ পুলিবৰ আৰু চিনামৰাৰ গুলিয়াগুলিৰ কাণ্ডৰ লগত জড়িত যুৱক ধৃত

যোৰহাটৰপৰা ঋতুৰাজ ফুকন, প্ৰথম খবৰ:বদীপাৱলিৰ নিশা যোৰহাটত দুটাকৈ গুলিয়া গুলিৰ ঘটনা সংঘটিত কৰাৰ অভিযোগত যোৱা নিশা ভোগদৈ আৰক্ষীয়ে গুৱাহাটীৰ হাতী গাঁৱৰ এটা পিজিৰ পৰা পৰা এজন ২১ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰে। জানিব পৰামতে যোৰহাট ভোগদৈ আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰব চুতীয়াই তদন্তৰ অন্তঃত যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধৃত যুৱকজনৰ ঘৰ যোৰহাট পুলিবৰৰ ভাতেমৰাত আম্লান বৰা আৰু তেওঁ যোৰহাট পলিটেকনিকৰ ছাত্ৰ আছিল। উল্লেখ্য যে, দিপাৱলীৰ নিশা যুৱকজনে যোৰহাটৰ চিনামৰাৰ এটা চাহ ফেক্টৰীৰ গাণনিকক ধন দাবী কৰাৰ লগতে গুলিয়াই আহত কৰিছিল আৰু পাছত যুৱকজনে পুলিবৰত কোনো ব্যক্তিৰ লগত হোৱা কাজিয়াতো গুলি চালনা কৰিছিল।

পিছত যুৱকজন যোৰহাটৰ পৰা পলাই গৈ গুৱাহাটীৰ হাতীগাঁৱৰ এটা পি জিত আত্মগোপন কৰি আছিল। অৱশ্যে আৰক্ষীয়ে যুৱকজনৰ পৰা কোনো মৰাণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হোৱা নাই। সাম্প্ৰতিক যুৱকজনক যোৰহাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধ পোচ কৰি আছে।

 

Related Articles

Leave a Reply

Close