অসম

লংকাৰ ২ নং কাকী বিষ্ণুৰাভা কণিষ্ঠ মহাবিদ্যালয়ত চুৰিকাণ্ড

লংকাৰ পৰা হিৰোৎপল শইকীয়া, প্ৰথম খবৰ: নিশা লংকাৰ ২ নং কাকীৰ বিষ্ণুৰাভা কণিষ্ঠ মহাবিদ্যালয়ত এক চুৰি কাণ্ডৰ ঘটনা সংঘটিত হয়। নিশা চোৰে মহাবিদ্যালয়ৰ তলা ভাঙি প্ৰৱেশ কৰি কলেজখনৰ এটা কম্পিউটাৰ ছেটসহ দুটাকৈ গেছ ভৰ্তি চিলিণ্ডাৰ, এটা মাইক ছেট, জেৰেক্স মেচিন আৰু প্ৰয়োজনীয় নথি পত্ৰ লৈ উধাও হয়।

ইফালে, শনিবাৰে পুৱা মহাবিদ্যালয় কৰ্তৃপক্ষই কলেজত উপস্থিত হৈ দুৱাৰৰ তলা ভঙা অৱস্থাত প্ৰত্যক্ষ কৰি চুৰিকাণ্ড সংঘটিত হোৱা গম পাই কাকী আৰক্ষীক অৱগত কৰে। পিছত, মহাবিদ্যালয়খনত কাকী আৰক্ষী উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close