অসম

লখিমপুৰৰ প্ৰয়াত ইন্দ্ৰেশ্বৰ ভূঞাৰ জন্ম শতবাৰ্ষিকীত এশগৰাকী বিশিষ্ট নাগৰিকক সম্বৰ্দ্ধনা

প্ৰথম খবৰ, লখিমপুৰঃ সমাজত ভাল মানুহ হিচাপে স্বীকৃতি লাভ কৰিবলৈ ধন-টকা-পইচা, ঐশ্বৰ্য বা শিক্ষিত হোৱাটো মূল কথা নহয়। মানুহক সচাঁ অৰ্থত ভাল পাব পৰা, দুখীয়া-নিচলা আৰ্তজনক সহায় কৰিব পৰা গুণ, দূৰ্নীতি মুক্ত মনৰ অধিকাৰী মানুহেহে যুগ যুগান্তৰলৈ সমাজত জিলিকি থাকিব পাৰে। এনে এগৰাকী ব্যক্তিয়েই আছিল ইন্দ্ৰেশ্বৰ ভূঞা।

কমলাবাৰী পথৰ আই.বি.এম. একাডেমীত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত লখিমপুৰ জিলাৰ তেলাহী মৌজাৰ প্ৰাক্তন মৌজাদাৰ, বিশিষ্ট সমাজকৰ্মী প্ৰয়াত ইন্দ্ৰেশ্বৰ ভূঞাৰ জন্ম শতবাৰ্ষিকীৰ মূল অনুষ্ঠানটিৰ সভাপতিৰ আসনৰ পৰা মানৱদৰদী ব্যক্তিগৰাকী সম্পৰ্কে এনেদৰে অভিমত ব্যক্ত কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি বিশ্ব বৰুৱাই। আই.বি.এম. একাডেমী আৰু তেখেতৰ পৰিয়ালবৰ্গৰ দ্বাৰা পালন কৰা জন্ম শতবাৰ্ষিকী উপলক্ষে অনুষ্ঠিত মূল সভাখনত নিৰ্দ্দিষ্ট বক্তা হিচাপে ভাষণ আগবঢ়ায় নাওবৈছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হেমেশ্বৰ কলিতাই। সভাখনত বিহপুৰীয়াৰ বিশিষ্ট সমাজকৰ্মী, স্মৃতিসূৰ্য উপাধিৰে বিভূষিত গোলোক হাজৰিকাৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰাই সত লোকৰ জীৱন পৰৰ কাৰণে বুলি উল্লেখ কৰি প্ৰয়াত ইন্দ্ৰেশ্বৰ ভূঞা প্ৰকৃততেই এগৰাকী সৎ ব্যক্তি আছিল বুলি মন্তব্য কৰে।

জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰকাশিত “শত অঞ্জলী” শীৰ্ষক স্মৰণিকা উন্মোচন কৰে ডিব্ৰুগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দেৱ গগৈয়ে। উক্ত অনুষ্ঠানতে জন্ম শতবাৰ্ষিকী উপলক্ষে জিলাখনৰ এশগৰাকী বয়োজ্যেষ্ঠ, বৰেণ্য ব্যক্তিকো সম্বৰ্দ্ধনা জনোৱা হয়। অনুজ ভূঞাই আঁত ধৰা আৰু আই.বি.এম. একাডেমীৰ অধ্যক্ষা সবিতা দাসে আদৰণি ভাষণ আগবঢ়োৱা গাম্ভীৰ্যপূৰ্ণ সভাখনত আই.বি.এম. একাডেমীৰ প্ৰথম বাৰ্ষিকীৰ ছাত্ৰী দৰ্শনা বৰদলৈ আৰু প্ৰয়াত ইন্দ্ৰেশ্বৰ ভূঞাৰ পৰিনাতি দিৰান দেৱৰাজ ভূঞাৰ গীতে অনুষ্ঠানটি অধিক আকৰ্ষণীয় কৰি তোলে।

পুৱা ইন্দ্ৰেশ্বৰ ভূঞাৰ প্ৰতিচ্ছবিত মাল্যদান আৰু বন্তি প্ৰজ্জ্বলন কৰে মাহৰা সত্ৰৰ সত্ৰাধিকাৰ প্ৰদীপ দেৱগোস্বামীয়ে। ধীৰেশ্বৰী ভূঞাৰ নামত আই.বি.এম. একাডেমীৰ উপ-পথ উন্মোচন কৰে অসম সত্ৰ মহাসভাৰ লখিমপুৰৰ সভাপতি নিৰেন গোস্বামীয়ে। সন্ধিয়া এশ গছি বন্তি প্ৰজ্জ্বলন আৰু নিশালৈ শ্ৰৱন কীৰ্তনেৰে দিনজোৰা কাৰ্যসূচীৰ সামৰণি পৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close