অসম

লাহৰীঘাটত বিজেপিৰ আদৰণি সভা শতাধিক লোকৰ বিজেপিত যোগদান

লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম, প্ৰথম খবৰ: লাহৰীঘাট সমষ্টিৰ বিজেপি দলৰ নৱ নিযুক্তি পাপ্ত তত্ত্বৱধায়ক পিযুষ হাজৰিকাক আজি গেৰুৱা দলটোৱে বিপুলভাৱে আদৰণি জনাই। লাহৰীঘাট মণ্ডল বিজেপিৰ সভাপতি শংকৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আদৰণি সভাটোত কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী ৰাজেন গোহাঁইৰ পত্নী উপস্থিত থাকি আগন্তুক পঞ্চায়ত নিবাচনত যাতে ২৪টা পঞ্চায়ত বিজেপিয়ে দখল কৰিব পাৰে তাৰ বাবে দলীয় কমী সকলক কাম কৰিবলৈ আহ্বান জনাই। সভাত শতাধিক কংগ্ৰেছ আৰু এ ইউ ডি এফ ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।

লাহৰীঘাট সমষ্টিৰ বিজেপি দলৰ নৱ নিযুক্তি প্ৰাপ্ত তত্ত্বৱধায়ক তথা বিধায়ক পিষুষ হাজৰিকাই প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক নজৰুল ইছলামক তীব্ৰ সমালোচনা কৰা দেখা যায়। সভাটোত জিলা ও ৰাজ্যিক পৰ্যায়ৰ বহু নেতা কমী উপস্থিত থাকে।

Related Articles

Leave a Reply

Close