অসম

শিক্ষাখণ্ডৰ উন্নতি আৰু প্ৰগতিত মনোনিৱেশ বিধায়িকা আঙুৰলতা ডেকাৰ

বটদ্ৰৱাৰপৰা মানস জ্যোতি মহন্ত, প্ৰথম খবৰ: M.S.D.P আঁচনিৰ অধীনত বটদ্ৰৱা সমষ্টিত প্ৰায় ৬০ খনৰো অধিক বিদ্যালয় সামৰি অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। তাৰে ভিতৰত ৫৭ খন স্কুলক ৪ লাখ ৮০ হাজাৰ টকাৰে অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণ, ২ খন স্কুলক সামৰি ১০ লাখ টকাৰে অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণ আৰু অন্য ২ খন স্কুলত ক্ৰমে ৩০ লাখ টকা আৰু ৫০ লাখ টকাৰে স্কুল গৃহত সংলগ্ন দুটাকৈ ৰসায়নগাৰ নিৰ্মানৰ কাম ইতিমধ্যে আৰম্ভ হৈছে।

উল্লেখ্য যে, এই বিদ্যালয়সমূহত পৰ্যাপ্ত শ্ৰেণীকোঠাৰ অভাৱত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে অনেক আলৈ আহুকালৰ মাজেৰে শিক্ষাগ্ৰহণ কৰি আহিছিল। অাজি M.S.D.P আঁচনিৰ অধীনত বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ১০ খনকৈ বিদ্যালয়ত অতিৰিক্ত শ্ৰেণী কোঠাৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণী কৰে বিধায়িকা অাঙুৰলতাই।

নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণী কৰি বিধায়িকগৰাকীয়ে উল্লেখ কৰে যে M.S.D.P আঁচনিৰ অধীনত বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰতিখন বিদ্যালয়ৰ আন্ত:গাঠনি উন্নয়নৰ বাবে ৩ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close