অসম

শিৱসাগৰত অবৈধ কয়লা পৰিবাহী ট্ৰাক চলাচলত নিষেধাজ্ঞা

প্ৰথম খবৰ, শিৱসাগৰ: শিৱসাগৰত অবৈধ অত্যাধিক কয়লা পৰিবাহী ট্ৰাক চলাচল কৰি শিৱসাগৰৰ বাট পথ সমুহ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে জনসাধাৰণৰ জীৱন আৰু নিৰাপত্তাত ভাবুকি সৃষ্টি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দণ্ডাধীশ নাৰায়ণ কোঁৱৰে তৎকালে বলবৎ হোৱাকৈ ৬ চকীয়া, ১০ চকীয়া আৰু ১৮ চকীয়া মালবাহী ট্ৰাকৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰি ১৪৪ আইন জাৰি কৰিছে।

নিষেধাজ্ঞাটোত এনেধৰণৰ ট্ৰাক সমুহে যান বাহন আইন অনুসৰি প্ৰাপ্ত অনুমতিতকৈ অত্যাধিক বোজাই সহ কয়লাৰ লগতে অন্যান্য সামগ্ৰী কঢ়িয়াব নোৱাৰা , নিশা ১০ বজাৰ পৰা পুৱা ৫ বজাৰ পিছত চলাচল কৰা ট্ৰাক সমুহক অবৈধ বুলি গণ্য কৰি আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা , কয়লা ট্ৰাক সমুহে বৈধ অনুমতি আৰু কৰ পৰিশোধৰ প্ৰমাণ পত্ৰ অবিহনে বোজাই চলাচল নকৰা আদি বিষয়ে স্পষ্ট কৰিছে।

এই আইন ভংগ কৰা সকলক ভাৰতীয় দণ্ডবিধি ১৮৮ ধাৰা আইন অনুযায়ী শান্তি প্ৰদান কৰাৰ নিষেধাজ্ঞা জাৰি কৰি পৰৱৰ্তী ৬০ দিনৰ বাবে বাহাল থাকিব বুলি শিৱসাগৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া শাৰদী গগৈয়া এক প্ৰেছ বাৰ্তা যোগে জানিবলৈ দিছে ।

Related Articles

Leave a Reply

Close