অসম

শিৱসাগৰৰ বিহুবৰত কংগ্ৰেছৰ বিশাল প্ৰতিবাদী সভা

শিমলুগুৰিৰ পৰা নেকিবুল হক, প্ৰথম খবৰ: ৰাজ্যজুৰি নাগা উগ্ৰপন্থী সংগঠন এন এচ চি এন আই এমৰ সৈতে ভাৰত চৰকাৰে কৰা নগা ফেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ লগতে অসমৰ মাতি নাগালেণ্ডৰ অন্তভুক্তিৰ ষড়যন্ত্ৰৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে নাজিৰা অসম নগালেণ্ড সীমান্তবৰ্তী বিহুবৰৰ ঔগুৰিজান। বিগত তিনিদিন ধৰি মেৰাপানীৰ পৰা আৰম্ভ কৰা কংগ্ৰেছৰ নাগালিমৰ বিৰুদ্ধে প্ৰতিবাদ আজি নাজিৰা মহকুমাৰ বিহুবৰত অনুষ্ঠিত হয়।

বিভিন্ন প্ৰতিবাদী পন্থাৰে প্ৰতিবাদ কৰা কংগ্ৰেছ দলে আজি বিহুবৰ ঔগুৰিজানত এক বিশাল প্ৰতিবাদী জনসভা আয়োজন কৰে। প্ৰতিবাদী সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি ৰিপুন বৰাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে। লগতে কংগ্ৰেছ বিধায়িনি দলৰ দলপতি দেবব্ৰত শইকীয়া আৰু বহু কেইজন কংগ্ৰেছ নেতাই অংশগ্ৰহন কৰে।

প্ৰতিবাদী সভাত সহস্ৰাধিক কংগ্ৰেছ কৰ্মী আৰু সীমান্তবৰ্তী জনতাৰ মাজত চৰকাৰ বিৰোধী  ভাষনেৰে চৰকাৰক অতি সোনকালে নাগা ফেমৱৰ্ক চুক্তি ৰাজহুৱা কৰি জনসাধাৰণক শংকামুক্ত কৰিবলৈ দাবী জনায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close