অসম

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বোকাখাত জিলা শাখাৰ বাৰ্ষিক অধিবেশনৰ আদৰণি সমিতি গঠন

প্ৰথম খবৰ, খুমটাই: মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ আদৰ্শৰে প্ৰতিষ্ঠাপিত উত্তৰ পূব ভাৰতৰ একমাত্ৰ সৰ্ববৃহৎ ধৰ্মীয়, সামাজিক , সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, বোকাখাত জিলা শাখাৰ ২৫ সংখ্যক বাৰ্ষিক অধিবেশন ভাগি ৰূপালী জয়ন্তী বৰ্ষ হিচাপে খুমটাই পূব আঞ্চলিক শাখাৰ আতিথ্যত আৰু ৰাইজৰ সহযোগত দুদিনীয়াকৈ অহা ২৭,২৮ জানুৱাৰী ২০১৮ চন শনি আৰু দেওবাৰে খুমটাই নিউভিল্লা প্ৰাথমিক শাখাৰ নামঘৰত অনুষ্ঠিত হ’ব।
আজি জিলা শাখাৰ সভাপতি ধনেশ্বৰ লইংৰ সভাপতিত্ব অনুষ্ঠিত সভাত দ্বিপেন বৰুৱাক সভাপতি, দিগন্ত বৰা, ৰাজীৱ গগৈ আৰু দেৱেশ্বৰ কুৰ্মীক উপসভাপতি, ডুৰেন্দ্ৰ হাতীবৰুৱাক কাৰ্যকৰী সভাপতি, ঘনকান্ত ৰাজবংশীক সম্পাদক, ৰিন্টু গগৈ, ৰাজীৱ শইকীয়া আৰু ধীৰেণ বৰাক সহকাৰী সম্পাদক আৰু চন্দন বৰাক কোষাধ্যক্ষ হিচাপে লৈ এখন শক্তিশালী আদৰণি সমিতি গঠন কৰে।

আজি আদৰণি সমিতি গঠন সভাত জিলা শাখাৰ সম্পাদক চন্দ্ৰকান্ত ভূঞা, মূলৰ সদস্য ধৰ্মেশ্বৰ হাজৰিকা, শৰণ সদস্য মহেশ্বৰ ৰাজবংশী জিলা কাৰ্যনিৰ্বাহকৰ সদস্য সদস্যা সকলৰ লগতে খুমটাই অঞ্চলৰ বহু সংখ্যক বাপ আই উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close