গল্পগ্ৰন্থনিবন্ধ

সদানন্দ গগৈৰ কাঞ্চন, পৰিক্ৰমা ইত্যাদি….

বৰ্ষাজ্যোতি দাস

গুৱাহাটী মহানগৰীৰ দিছপুৰ প্ৰেছ ক্লাবত উন্মোচিত হয় সদানন্দ গগৈৰ ‘কাঞ্চন , পৰিক্ৰমা ইত্যাদি…’ নামৰ ১১৪ পৃষ্ঠাৰ গ্ৰন্থখন। ‘হিটলিষ্ট’ আৰু ‘সংঘাত সংঘাত সংঘাত’ নামৰ অসমীয়া চলচ্চিত সংগীত পৰিচালক হিচাপে কাম কৰিছে লেখকজনে।

১৭ টা গল্প সংকলনেৰে সন্নিবিষ্ট ‘কাঞ্চন, পৰিক্ৰমা ইত্যাদি…’ কিতাপখনৰ গল্পকেইটিত সামাজিক দায়বদ্ধতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। গল্পকেইটিত ছুটি গল্পৰ বৈশিষ্ট্য দেখা পোৱা যায়।

প্ৰকাশক সুদীপ্ত কমিউনিকেচনে প্ৰকাশ কৰা গ্ৰন্থখনত থকা ঘটনাসমূহ সম্পূৰ্ণ কাল্পনিক যদিও জনজীৱনৰ বৈচিত্ৰ্য আৰু অভিজ্ঞতাই গল্পকেইটাৰ নতুন মাত্ৰা প্ৰদান কৰা বুলি ক’ব পাৰি।

চৰকাৰী চাকৰিয়াল সদানন্দ গগৈৰ গল্পকাৰ হিচাপে প্ৰথম প্ৰয়াস হ’ল ‘কাঞ্চন, পৰিক্ৰমা ইত্যাদি…’ গ্ৰন্থখনে পাঠকৰ যথেষ্ট সমাদৰ লাভ কৰাৰ আশা প্ৰকাশ কৰিছে।

Related Articles

Leave a Reply

Close