অসম

সম্পূৰ্ন নহল অনাময় আচনিৰ শৌচালয়ৰ নিৰ্মান কাম

বাদুলিপাৰৰ পৰা পাৰ্থপ্ৰতীম বৰুৱা , প্ৰথম খবৰ : গোলাঘাট জিলা ,বোকাখাত বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰঙামাটি কৈৱৰ্ত্ত গাওঁ পঞ্চায়তৰ অধিনৰ ৯নং চেউনী ৱাৰ্ডত ক্ৰমে — চেউনী কমাৰ গাওঁ,চেউনী গাওঁ, নবজ্যেতি গাওঁ,  কৰুনাটিং গ্ৰান্ট গাওঁত আজিৰ পৰা প্ৰায় ৮/৯ মাহৰ পুৰ্বে দেৰগাওঁ জনস্বাস্থ্য কাৰিকৰী বিভাগে কাৰ্যালয়ৰ নীতি -নিয়মৰ মাজেৰে কিছুমান ঠিকাদাৰৰ জৰিয়তে স্বচ্ছ ভাৰত অভিযান আচনিৰ অধিনত উল্লেখীত গাওঁসমূহত অনাময় শৌচালয় নিৰ্মানৰ কাম হাতত লৈছিল, কিন্তু আজিকোপতি সম্পূৰ্ণ নহল শৌচালয় নিৰ্মানৰ কাম । উল্লেখযোগ্য যে ৯নং ৱাৰ্ডৰ কৰুনাটিং বাগিছা এলেকাৰ আজিৰ পৰা প্ৰায় দহ বছৰৰ পুৰ্বে কিছু ব্যক্তিৰ ঘৰত শৌচালয় নিৰ্মান কৰিছিল ,সেইয়াও আছিল একেবাৰে নিম্নমানৰ ফলত দুই এবছৰৰ পাছতে ব্যৱহাৰৰ অনুপযোগী হৈ পৰিল । বৰ্তমান দিনবোৰত দেৰগাওঁ  জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা ঠিকাদাৰ সকলৰ জৰিয়তে যি শৌচালয় নিৰ্মানৰ কাম হাতত লৈছিল, সেয়া  এতিয়ালৈকে সম্ভব হৈ নুঠিল। ইয়াৰ উপৰিও শৌচালয় নিৰ্মান কৰি থকা গাওঁসমূহৰ ভিতৰত চেউনী গাওঁত এতিয়াও প্ৰায় ২০/২৫ টা পৰিয়ালত শৌচালয় নিৰ্মানৰ কাম নকৰাকৈয়ে সামৰিলে ,সেয়েহে বিষয়টো জন স্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া/কৰ্মচাৰীক অবগত কৰাৰ লগতে স্থায়ী সামাধান বিছাৰিছে স্থানীয় ৰাইজে।

Related Articles

Leave a Reply

Close