অসম

সাংবাদিক মজিবুৰ ৰহমান সহ দুজন ব্যক্তিক “শ্ৰেষ্ঠ নলবৰীয়া” বটাঁৰে সন্মানিত

নিউজ ডেস্ক, প্ৰথম খবৰ: নলবাৰী জিলাৰ কৰিয়াত ঝংকাৰ ডেন্স একাডেমীৰ ৪ৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠানটি কৰিয়া সাৰ্বজনীন শ্ৰী শ্ৰী দূৰ্গা পূজা মহোৎসৱ কাৰ্যালয় প্ৰাংগণত যোৱা কালি অনুষ্ঠিত হৈ যায় ৷ উক্ত অনুষ্ঠানত নলবাৰীৰ দুজন ব্যক্তিক ক্ৰমে সাংবাদিক তথা নলবাৰী শান্তি নিৱাস অনাথ আশ্ৰমৰ পৰিচালক মজিবুৰ ৰহমান আৰু সুদীৰ্ঘ ৫০বছৰে ভ্ৰাম্যমানৰ মঞ্চত নৃত্য কলাৰ দ্বাৰা দৰ্শকক বিনোদন দিয়া প্ৰবীণ নৃত্য শিল্পী হেমো বৰুৱাক “শ্ৰেষ্ঠ নলবৰীয়া” বটাঁৰে সন্মানিত কৰা হয় ৷

সমাজৰ প্ৰতি দায়বদ্ধ এই দুজন ব্যক্তিক ওচৰত পায় উদ্যোক্তামণ্ডলী আৰু ৰাইজ উৎফুল্লিত হোৱা পৰিলক্ষিত হয় ৷ ভাষণ প্ৰসংগত সাংবাদিক ৰহমানে কয় যে আপুনি চিকিৎসক, অভিযন্তা, শিক্ষক যিয়েই নহওঁক কিয় প্ৰথমে আপুনি এজন মানুহ হ’ব লাগিব৷ বৰ্তমানৰ সমাজখনত মানুহতকৈ অমানুহৰ সংখ্যা দিনক দিনে বাঢ়ি গৈছে আৰু আমি যদি নিজৰ সন্তানক পেচাত ডাক্তৰ, ইঞ্জিনিয়াৰ কৰাতকৈ সচাঁ অৰ্থত এজন মানুহহৈ থিয় দিয়াত সহায় আগবঢ়াও তেতিয়া সমাজৰ পৰা মুখাৰ আঁৰৰ ভদ্ৰ লোক অথচ নিজৰ পিতৃ মাতৃক বৃদ্ধাৱস্থাত লগত নাৰাখি বৃদ্ধা আশ্ৰমৰ আলহী কৰাৰ মানসিকতা নাইকিয়া হ’ব ৷ ইয়াৰ লগতে নলবাৰী প্ৰেছ ক্লাৱৰ ফালৰ পৰা ঝংকাৰ ডেন্স একাডেমীৰ সমূহ ছাত্ৰ ছাত্ৰী তথা কৰ্মকৰ্তালৈ শুভেচ্ছা জ্ঞাপন কৰে৷

Related Articles

Leave a Reply

Close