অসম

সুধাকণ্ঠ ড০ ভুপেন হাজৰিকাদেৱৰ ষষ্ঠ মৃত্যু বাৰ্ষিকীত বৰমপুৰ শাখা ছাত্ৰ সন্থাৰ ১০০০ হাজাৰ গছি বন্তি প্রজ্বলনেৰে একাঁজলি শ্ৰদ্ধাঞ্জলী

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া, প্ৰথম খবৰ: দৰং জিলাৰ বৰমপুৰ শাখা ছাত্ৰ সন্থাৰ উদ্যোগত সুধাকণ্ঠ ড০ ভুপেন হাজৰিকা ষষ্ঠ বাৰ্ষিকীত ১০০০ হাজাৰ বন্তি প্রজ্বলনেৰে একাঁজলি শ্ৰদ্ধাঞ্জলী জনায়। মূখ্য প্রজ্বলক হিচাপে কাৰ্যসূচী ৰূপায়ন কৰে বিশিষ্ট যুৱ সমাজকৰ্মী মৃত্যুঞ্জয় ডেকাই, উক্ত অনুষ্ঠানত বৰমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তাৰিনী চহৰীয়া, বৰমপুৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ মোজাম্মিল হক, জেষ্ঠ্য নাগৰিক সন্থা, পেঞ্চনাৰ সন্থা, অংশগ্ৰহণ কৰে।

লগতে বিশিষ্ট বাঁহীবাদক জয়নাথ ডেকা, সংগীত শিল্পী ভাস্কৰ ডেকাই অনুষ্ঠান পৰিৱেশন কৰে। অনুষ্ঠানত সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰাগ কুমাৰ চহৰীয়া, সহঃ সম্পাদক প্ৰমোদ ডেকা উপস্থিত থাকে।

Related Articles

Leave a Reply

Close