শেহতীয়া
Home / অসম / সুধাকন্ঠৰ ষষ্ঠতম মৃত্যু বাৰ্ষিকত গোৰ্খা ছাত্ৰ সন্থাৰ শ্ৰদ্ধাঞ্জলি

সুধাকন্ঠৰ ষষ্ঠতম মৃত্যু বাৰ্ষিকত গোৰ্খা ছাত্ৰ সন্থাৰ শ্ৰদ্ধাঞ্জলি

প্ৰথম খবৰ, টেঙাখাত : সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ ষষ্ঠ মৃত্যু বাৰ্ষিক সমগ্ৰ অসমৰ লগতে আজি গোৰ্খা ছাত্ৰ সন্থা হাতীআলি শাখা সমিতি (টেঙাখাত) য়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। পুৱা ৯ বজাত সমিতিৰ সভাপতি কৃষ্ণ থাপাই পতাকা উত্তোলন আৰু সম্পাদক মনোজ ৰাইয়ে স্মৃতি তৰ্পন কৰি কণ কণ ল’ৰা ছোৱালীৰ মাজত এখন চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। সন্ধিয়া ৫ বজাত সমিতিয়ে হাতীআলিৰ লক্ষ্মী মন্দিৰ প্ৰাঙ্গণত ৰাজহুৱাভাবে বন্তি প্ৰজ্বলন কৰি সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জনায়। বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ আৰম্ভণি কৰে উপদেষ্টা নৰেশ ৰাইয়ে আৰু সহযোগ কৰে সম্পাদক মনোজ ৰাইয়ে । সুধাকণ্ঠৰ জীৱন আৰু কৃতিত্বৰ বক্তব্য প্ৰদান কৰে উপদেষ্টা নৰেশ ৰাই আৰু শিক্ষা সম্পাদক শ্যাম নেৱাৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সমিতিৰ উপদেষ্টা ভৰত ৰাই, গনেশ নেৱাৰ, যুটীয়া সাংগঠনিক সম্পাদক ধ্ৰুৱ নেৱাৰ আৰু দিলিপ থাপা, কাৰ্যালয় সম্পাদক প্ৰতাপ ৰাই আদিকে ধৰি সমিতিৰ সকলো বিষয়ববীয়া ,সদস্য তথা স্থানীয় ৰাইজ উপস্থিত থাকে ।

ইয়াৰ উপৰিও টেঙাখাতৰ বিভিন্ন দল সংগঠন তথা অনুষ্ঠান প্ৰতিষ্ঠানৰ দ্বাৰা বিস্তৃত কাৰ্যসূচীৰে স্মৃতি দিৱস পালন কৰাৰ খবৰ আহি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*