অসমনিবন্ধসাহিত্য

হিমাংশু প্ৰসাদ দাসৰ ‘জীৱন জিন্দাবাদ’ত ছানী লিয়নী বন্দনা!

কিতাপৰ খবৰ

কাকলি দাস:

‘এই ছোৱালী এবাৰ ভালপাই চাবা নেকি’ৰ কবি তথা নাট্যকাৰ-অভিনেতা হিমাংশু প্ৰসাদ দাস আকৌ ওলাই আহিছে কবিতাৰ মেটমৰা সম্ভাৰেৰে। ২০১৪ চনতে প্ৰকাশৰ বাবে সাজু হৈ থকা কিতাপখন এইবাৰৰ উত্তৰ পূব গ্ৰন্থমেলাৰ সময়ত ছপা ৰূপ পালে। পাণবজাৰৰ এম আৰ পাব্লিকেশ্যনে পাঠকৰ মাজলৈ আগবঢ়াই দিছে তেওঁৰ নৱতম কাব্যগ্ৰন্থ ‘জীৱন জিন্দাবাদ’। ৫৬ পৃষ্ঠাৰ ‘জীৱন জিন্দাবাদ’ত আছে ৩৪টা কবিতা।

‘জীৱন জিন্দাবাদ’ত সামৰি লোৱা কবিতাবোৰৰ ভিতৰত আছে, ‘আকৌ যেন কবি হৈ যাম‘, ‘এনেদৰেই থাকিবনে…‘, ‘হেমলেট্‘। ‘এই ছোৱালী এবাৰ ভালপাই চাবা নেকি?’ শীৰ্ষক বহুচৰ্চিত কবিতাটোৰ দ্বিতীয় খণ্ডত তেওঁ লিখিছে-
‘মই তোমাৰ প্ৰেমিক
ভিক্ষাৰী নহয় মাই ডিয়েৰ…

কলেজৰ ৱাল, ডেস্ক-ব্লেকব’ৰ্ড
সকলোতে লিখি থ’ম শ্ল’গান
হিমাংশু এণ্ড হিমাদ্ৰী মেড ফৰ ইচ-আডাৰ
পাৰ হৈ যোৱা বাটত
তুমি উভতি নাচালেও তোমাকেই শুনাই ক’ম
এই ছোৱালী এবাৰ ভালপাই চাবা নেকি?’

‘পাপীষ্ঠ কথা’ শীৰ্ষক কবিতাটোত তেওঁ ভগৱানক প্ৰশ্ন কৰিছে, ‘গণি গণি/আঙুলি বিষোৱা নাইনে ঈশ্বৰ/ইমান পাপ মোৰ/নৰকৰ আয়তনকৈও বিশাল হিচাপ।’ হিমাংশু প্ৰসাদ দাসৰ কবিতাৰপৰা বাদ পৰি যোৱা নাই ছানী লিয়নীও। কবিৰ ভাষাৰে-
‘ভাৰত ৰাষ্ট্ৰ জিন্দাবাদ
যুগান্তকাৰী অভিলাসী আঁচনি
মাজনি-মামনি নহয়
এইবাৰ চানি লিঅ’নী আঁচনি
ভাত নাই চাকৰি নাই
ঘৰে ঘৰে আমাৰ চানি লিঅ’নী
ৰাস্তা নাই স্কুল নাই
গাঁৱে গাঁৱে আমাৰ চানি লিঅ’নী
হৰ হৰ চানি ঘৰ ঘৰ চানি
We love you we love you
ৰাইজৰ পদূলিত ৰাইজৰ চানি লিঅ’নী’

ইয়াৰ সমান্তৰালভাৱে ‘জীৱন জিন্দাবাদ‘ত আছে ‘সীতা MMS‘, ‘ৰজা‘, ‘আৰু কিমান অন্যায় দেখাৰ পিছত‘, ‘টাইটানিকঃ তুমি আৰু মই‘, ‘কথোপকথন‘, ‘ভালপোৱা‘ শীৰ্ষক চাৰিটা কবিতা, ‘কেৱল গৈ থাকিব বিচাৰোঁ মই‘, ‘ৰক্তাক্ত জন লেনন‘, ‘জন্মদিন‘, ‘বনলতাৰ ডাকত প্ৰেমৰ কবিতা‘, ‘সপোন‘, ‘এটা কৃতজ্ঞতাৰ কবিতা‘, ’২৪ ছেপ্টেম্বৰ‘, ‘বিদায় কটন কলেজ‘, ‘ময়ো যে এদিন বুঢ়া হ’ম‘, ‘পাণবজাৰৰ অসুখৰ সময়ত‘, ‘চাকৰি‘, ‘ফাগুন‘, ‘কলম‘, ‘মানুহ‘, ‘এই যে জীৱন… এই যে পৃথিৱী‘ শীৰ্ষক কবিতাসমূহ।

‘জীৱন জিন্দাবাদ‘ত কবি হিমাংশু প্ৰসাদ দাসে জীৱনৰ জয়গান গাবলৈ চেষ্টা কৰিছে, সমাজৰ বিভিন্ন বিসমতাৰ বিষয়ে প্ৰশ্ন তুলিছে। কেৱল এটা বিষয়ত সীমাবন্ধ নাথাকি তেওঁ দুহাত প্ৰসাৰি সামৰি ল’ব বিচাৰিছে ভিন্নতাক। ৭০ টকা দি যিকোনো গ্ৰন্থ বিপনীৰপৰা সংগ্ৰহ কৰিব পাৰিব হিমাংশু প্ৰসাদ দাসৰ ‘জীৱন জিন্দাবাদ’।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close