অসম

২৪ ঘণ্টীয়া অইল অৱৰোধ যুৱ ছাত্ৰ পৰিষদৰ, টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত দুলীয়াজানত

প্ৰথম খবৰ, দুলীয়াজান: কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অসমৰ ৬ খনকৈ তৈলক্ষেত্ৰ ব্যক্তিকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠন সৰব হৈ উঠাৰ লগতে সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলাই আজি ২৪ ঘণ্টীয়া অইল অৱৰোধ কাৰ্যসূচীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আজি পুৱা ৫ বজাৰ পৰা ৰূপায়ণ কৰা অইল অৱৰোধ কাৰ্যসূচীত জিলা প্ৰচাৰ সম্পাদক প্ৰাঞ্জল ৰাজকোঁৱৰ, উপদেষ্টা প্ৰশান্ত বৰা, আঞ্চলিকৰ সভাপতি সোনেশ্বৰ ফুকন, সহঃ সম্পাদক মিলন ডেকা প্ৰমুখ্যে অন্যান্য বিষয়ববীয়া আৰু সদস্যৰ উপস্থিতিত অইলৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদী সদস্যই টায়াৰ জ্বলাই বিক্ষোভ প্ৰদৰ্শন কৰে। এই সময়ছোৱাত “অইলৰ ব্যক্তিগতকৰণ নচলিব” , “অসমৰ সম্পদ আমাৰ অধিকাৰ “, “কেন্দ্ৰীয় চৰকাৰৰ শোষণ নীতি নচলিব”–ইত্যাদি কেন্দ্ৰীয় -ৰাজ্য বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে।

সংগঠনটোৱে গ্ৰহণ কৰা ২৪ ঘণ্টীয়া অইল অৱৰোধ কাৰ্যসূচীৰ ফলত ডিব্ৰুগড় জিলাৰ প্ৰায়সংখ্যক অইলৰ তৈলক্ষেত্ৰ বন্ধ হোৱাৰ উপৰি অইলৰ যান-বাহন চলাচলত বাধা প্ৰদান কৰে প্ৰতিবাদী সদস্যই। কাইলৈ পুৱা ৫ বজাত এই অৱৰোধ সাময়িকভাৱে সামৰণি পৰিব।

Related Articles

Leave a Reply

Close