অসম

২৪ বছৰে নিযুক্তি বন্ধ কল ইণ্ডিয়াৰ প্ৰতিবাদত যুৱ ছাত্ৰৰ পথ অৱৰোধ

মাৰ্ঘেৰিটাৰ পৰা ৰাণাজ্যোতি নেওগ, প্ৰথম খবৰ: কয়লাৰ ৰয়েল্টি বৃদ্ধি কৰক, কল ইণ্ডিয়াৰ ভিতৰ চ’ৰাৰ দুৰ্নীতি বন্ধ কৰক নতুন নিযুক্তি মুকলি কৰক ১০০% থলুৱা নিবনুৱাক নিযুক্তি নিশ্চিত কৰক আদি শ্ল’গানেৰে আজি মুখৰিত হ’ল মাৰ্ঘেৰিটা। এই দাবী কেইটাৰ সমৰ্থনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উপদেষ্টা সঞ্জীৱ উলুপ কাঞ্চন বৰা সভাপতি সলিল নেওগ আৰু সম্পাদক বিমল সিংহৰ নেতৃত্বত কেইবাশতাধিক ৰাইজে ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি এইদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
অন্যহাতে শ্ৰম আইন ভংগ কৰি কল ইণ্ডিয়াৰ দ্বাৰা নিয়োজিত মাইনিং কোম্পানী কেইটাই নূন্যতম দৰমহাত আৰু অতিৰিক্ত ৪ ঘন্টা বেছিকৈ শ্ৰমিক কৰ্মচাৰী সকলক কাম কৰিবলৈ বাধ্য কৰি অহা কাৰ্য্যৰো তীব্ৰ বিৰোধিতা কৰে সংগঠনটোৱে। পাছত উল্লেখিত দাবীৰ সমৰ্থনত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

Related Articles

Leave a Reply

Close