অসমশীৰ্ষ

৩১ ডিচেম্বৰৰ ভিতৰত এনআৰচি খচৰা প্ৰস্তুত হবই লাগিব,প্ৰতীক হাজেলাৰ ভূমিকা সন্দেহজনক

নিউজ ডেস্ক,প্ৰথম খবৰ: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুযায়ী চলিত বৰ্ষৰ ৩১ ডিচেম্বৰত এনআৰচি খচৰা প্ৰস্তুতিৰ কাম সম্পূ্ৰ্ণ হবই লাগিব বুলি আজি এক সংবাদমেল যোগে দাবী জনায় অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে|প্ৰতীক হাজেলাৰ ভূমিকা  সম্পৰ্কত প্ৰদেশ কংগ্ৰেছে সন্দেহ ব্যক্ত কৰে|মুখ্যমন্ত্রী  আৰু প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ত ৩১ ডিচেম্বৰত এনআৰচি খচৰা প্ৰকাশ কৰিম বুলি উল্লেখ কৰিছিল|প্ৰদেশ কংগ্ৰেছৰ প্ৰশ্ন–তেওঁলোকে যদি কাম সম্পূ্ৰ্ণ কৰিব পৰাই নাই তেন্তে কিহৰ ভিত্তিত উচ্চতম ন্যায়ালয়ত সদৰি কৰিছিল? তেওঁলোকে উচ্চতম ন্যায়ালয়,সংবিধান আৰু জনসাধাৰণক অৱমাননা কৰিছে বুলি কংগ্ৰেছে ধিক্কাৰ দিয়ে|

কংগ্ৰেছে প্ৰতীক হাজেলাৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ বাবে দাবী জনায়|লগতে এনআৰচি খচৰা প্ৰস্তুতৰ কাম এতিয়ালৈ কি কাৰণে সম্পন্ন হোৱা নাই তাৰ উচিত তদন্তৰ দাবী জনায়|

 

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close