Uncategorizedঅসম

৫০ টকাৰ পৰিৱৰ্তে মাহিলি ৯০০ টকা হাৰত বকেয়াৰ ধন মোকলাই দিবলৈ  চৰকাৰক নিৰ্দেশ 

নগাঁৱৰপৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: ৰাজ্যৰ স্বাস্থ্য উপ-কেন্দ্ৰ সমুহত সুদীৰ্ঘ ৩২ বছৰ ধৰি কৰ্মৰত চাৰি সহস্ৰাধিক ফিমেইল এটেণ্ডেন্টচ্ অৰ্থাৎ মহিলা স্বাস্থ্য সহায়িকাক অৱশেষত ন্যায়ালয়ে সকাহ দিলে। তেওঁলোকৰ নূন্যতম দৰমহা মাহিলি ৫০ টকাৰ পৰিৱৰ্তে ৯০০ টকালৈকে বৃদ্ধি কৰি বকেয়া ধনৰাশি মোকলাই দিবলৈ ন্যায়ালয়ে চৰকাৰক ইতিমধ্যে নিৰ্দেশ দিছে। উল্লেখ্য, ১৯৮১ চনৰ ষষ্ঠ পঞ্চম বাৰ্ষিক পৰিকল্পনা অনুসৰি, গ্ৰাম্য অঞ্চলত ৩ ৰ পৰা ৫ হেজাৰ জনবসতি থকা আৰু ১ ৰ পৰা ২ হেজাৰ জনবসতি থকা প্ৰতিটো পাহাৰীয়া এলেকাত একোখনকৈ উপ-স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰি এগৰাকী এ এন এম নাৰ্চ আৰু এগৰাকী ফিমেইল এটেণ্ডেন্টচ্ (এফ এ সহায়িকা ) নিযুক্তি দিয়াৰ  সিদ্ধান্ত লোৱা হৈছিল। সেই মৰ্মে, ১৯৮৫ চনত ৰাজ্যৰ মুঠ ৪৫৮১ টা উপ-স্বাস্থ্য কেন্দ্ৰত  নিযুক্তি লাভ কৰা নাৰ্চ সকলৰ চাকৰি পৰৱৰ্তী সময়ত চৰকাৰে নিয়মীয়াকৰণ কৰে যদিও অতি পুতৌ জনক ভাবে তেতিয়াই নিযুক্তি লাভ কৰা এফ এ সহায়িকা সকলক মাহিলি ৫০ টকা হাৰত দৰমহা দিয়া হয়। এই কাৰ্যৰ বিৰোধিতা কৰি এফ এ সহায়িকাসকলে ১৯৯৮-১৯৯৯ বৰ্ষতে সদৌ অসম স্বাস্থ্য কেন্দ্ৰৰ ফিমেইল এটেণ্ডেন্টচ্ এচোচিয়েচন গঠন কৰাৰ লগতে সংগঠনটোৱে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক দৰমহা বৃদ্ধি কৰাৰ দাবী জনাই বহু আবেদন নিবেদন কৰে যদিও কোনো ফল নধৰিল।  পিছত এই সংগঠনটোৱে ১৯৯৮ চনতে গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা এক গোচৰৰ ভিত্তিত ন্যায়ালয়ে ১৯৯১ চনৰ পৰা কাৰ্যকৰী হোৱাকৈ কৰ্মৰত এফ এ সহায়িকা সকলক মাহিলি ৯০০ টকাকৈ দৰমহা দিয়াৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়াৰ পিছত চৰকাৰে ইয়াৰ প্ৰত্যাহ্বান জনাই মহামান্য সৰ্বোচ্চ ন্যায়ালয়ত ৫৩৫/০১ নম্বৰৰ এক আপীল গোচৰ তৰে।

ন্যায়ালয়ৰ এক খণ্ড বিচাৰপিঠে শুনানি গ্ৰহণ কৰি এফ এ সহায়িকা সকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে তেওঁলোকৰ বকেয়াসহ দৰমহা দিবলৈ এক ৰায় প্ৰদান কৰে। পৰৱৰ্তী সময়ত গোচৰীয়া পক্ষক ৰাজ্য চৰকাৰে কৰ্মৰত সহায়িকা সকলৰ তালিকা বিচাৰে যদিও বিসংগতি পুৰ্ণ তালিকাৰ বাবে দৰমহা দিব পৰা নহ’ল। ইয়াৰ মাজতে ২০১০-১২ বৰ্ষৰ বিপৰীতে ১৬ মাহৰ বাবদ ৪২৪২ গৰাকী সহায়িকাক বকেয়াসহ ধন মোকলাই দিয়ে যদিও ২০১২ চনৰ শেষৰ ভাগত এফ এ সহায়ক সকলক চাকৰিৰ পৰা অব্যাহতি দিয়ে। ইয়াক প্ৰত্যাহ্বান জনাই পুণৰ গোচৰীয়া পক্ষ‌ই ২০১৩ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা WP(C)No.1810/2013 আৰু WP(C)No.4172/2014 নম্বৰৰ গোচৰৰ ভিত্তিত অলপতে প্ৰদান কৰা চুড়ান্ত ৰায় যোগে ১৯৯১ চনৰ পৰা ২০১০ চনলৈকৈ কৰ্মৰত এফ এ সহায়িকাসকলক ছয়মাহৰ ভিতৰত মাহিলি ৯০০ টকা হাৰত বকেয়া ধন আদায় দিবলৈ চৰকাৰক কঠোৰ নিৰ্দেশ দিয়ে। ন্যায়ালয়ৰ এই নিৰ্দেশনাই ভুক্তভোগী এফ এ সহায়িকা সকলৰ মুখত হাঁহি বিৰিঙাইছে।

 

Related Articles

Leave a Reply

Close