অসম

ৰঙিয়াত কামৰূপ এক্সপ্ৰেছত যাত্ৰীৰ মৃত্যু

প্ৰথম খবৰ, ৰঙিয়া: ৰঙিয়া ৰে’ল ষ্টেচনত আজি সন্ধিয়া উজনিমুৱা কামৰূপ এক্সপ্ৰেছত এজন যাত্ৰীৰ মৃত্যু হয়। জানিব পৰা মতে নাগালেণ্ডৰ মীন বিভাগৰ কৰ্মচাৰী ভিলেজো নামৰ পয়ত্ৰিশ বছৰীয়া যুৱক জনক কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰি নাগালেণ্ডৰ নিজ গৃহলৈ কামৰূপ এক্সপ্ৰেছৰে গৈ থকা অৱস্থাত চলন্ত ৰেলতে মৃত্যু মুখত পৰে। অভিভাৱক হিচাপে নাগালেণ্ড সচিবালয়ৰ কৰ্মচাৰী তথা ককায়েক কেনেইচে লগতে আছিল।

কামৰূপ এক্সপ্ৰেছ খন সন্ধিয়া ৰঙিয়া ষ্টেচন আহি পোৱাত সহযোগী যাত্ৰীয়ে মৃত ব্যক্তি জনৰ কথা গম পাই ৰঙিয়া ৰেল আৰক্ষীক অৱগত কৰে। ৰে’ল আৰক্ষীয়ে লগে লগে ৰে’ল বিভাগৰ জ্যেষ্ঠ চিকিৎসকক মাতি আনি স্বাস্থ্য পৰীক্ষা কৰাত ব্যক্তিজন মৃত বুলি নিশ্চিত হয়। মৃত যুৱকজনৰ শৱ দেহটি ৰঙিয়া ষ্টেচনতে নমায়। এই মৃতদেহ উদ্ধাৰ প্ৰক্ৰিয়াৰ বাবে ৰঙিয়া ষ্টেচনতে ডেৰ ঘণ্টা সময় কামৰূপ এক্সপ্ৰেছ ৰেলখন আৱদ্ধ হৈ থাকে।

Related Articles

Leave a Reply

Close