অসম

ৰঙিয়াৰ চেপ্টিৰ ঘাইপথত পথ দুৰ্ঘটনা

প্ৰথম খবৰ, ৰঙিয়া: ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তিত আজি দুপৰীয়া এক পথ দুৰ্ঘটনা সংঘটিত হয়। দ্ৰুতবেগী ডি আই গাড়ীয়ে মাৰুতি ভেন এখনক খুন্দিওৱাৰ ফলত গুৰুতৰভাৱে আহত হয় শিশু মহিলা সহ পাঁচজন।

দুৰ্ঘটনা সংঘটিত কৰিয়ে চালক সহ দ্ৰুতবেগী ডি আই বাহনখন পলায়ন কৰিছিল যদিও আৰক্ষীয়ে বাহন খন জব্দ কৰি থানালৈ লৈ আহে। আহত কেইজন ক্ৰমে কংকনা দাস (১), ৰুমামণি কলিতা (২৫), ভৱেশ কলিতা (৩০), দ্বীপজ্যোতি কলিতা (২৩) ।y আটাইকেইজনকগুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ  প্ৰেৰণ কৰা হয় ।

Related Articles

Leave a Reply

Close