শেহতীয়া
Home / অসম / ৰঙিয়াৰ জনকল্যাণ  সমিতিৰ  উদ্যোগত সুধাকন্ঠৰ মৃত্যু বাৰ্ষিকী পালন

ৰঙিয়াৰ জনকল্যাণ  সমিতিৰ  উদ্যোগত সুধাকন্ঠৰ মৃত্যু বাৰ্ষিকী পালন

প্ৰথম খবৰ, ৰঙিয়া: সমগ্ৰ ৰাজ্যৰ লগতে  ৰঙিয়াতো অসম গৌৰৱ সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ ষষ্ঠ বাৰ্ষিক মৃত্যু দিৱস আজি  ৰঙিয়াৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে জনকল্যাণ সমিতিয়ে দিনজোৰা কাৰ্যসূচীৰেপালন কৰে। ৰঙিয়া ৰাইজ মেল কৃষক ভৱন প্ৰাঙ্গণত আয়োজন কৰা সুধাকন্ঠৰ মৃত্যু বাৰ্ষিকী অনুষ্ঠানৰ সমিতিৰ পতাকা উত্তোলন কৰে সমিতিৰ সভাপতি আনিচৰ ৰহমানে। আবেলি ৩ বজাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।

প্ৰতিযোগিতা উদ্বোধন কৰে সমাজকৰ্মী এমডি গুলফামে। সন্ধিয়া ৫ বজাত সুধাকন্ঠৰ সোঁৱৰণত ১০০০  গছি চাকি প্ৰজ্জ্বলন কৰা হয়। প্ৰজ্জ্বলক হিচাপে উপস্থিত থাকে কামৰূপ জিলা পৰিষদৰ সভাপতি দেৱব্ৰত কলিতা, ৰঙিয়া সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰমানন্দ কলিতা, ৰঙিয়া পৌৰসভাৰ পৌৰপতি দৈৱকী বড়োকে ধৰি বাৰ গৰাকী আমন্ত্ৰিত অতিথিয়ে। ৰঙিয়া চহৰৰ ভালে সংখ্যক শুভাকাংক্ষীৰ লগতে ছাত্ৰ-ছাত্ৰী এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে। নিশা নাগাৰা নামৰ আয়োজন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*