বিনোদনশীৰ্ষৰাষ্ট্ৰীয়

ৰণবীৰ কাপুৰ vs. অৰ্জুন কাপুৰ

নেশ্যনেল ডেস্ক, প্ৰথম খবৰ : বলীউদৰ অভিনেতা ৰণবীৰৰ কাপুৰৰ লগত অৰ্জুন কাপুৰৰ কোনো সম্পৰ্ক নাই। এই কথা ব্যক্ত কৰিছে বলীউদৰ জনপ্ৰিয় অভিনেতা অৰ্জুন কাপুৰে। ইয়াৰ পাছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে দুয়োগৰাকী অভিনেতাৰ অনুৰাগীসকলৰ মাজত।


দৰাচলতে “আইএছএল ছিজন-৪”ক লৈ দুয়োৰে মাজত ফাট মেলা বুলি প্ৰকাশ কৰিছে অৰ্জুন কাপুৰে। চলিত বৰ্ষত এফ চি পুণে চিটিৰ সমৰ্থনত আছে অৰ্জুন আনহাতে বিগত বছৰকেইটাতো মুম্বাইৰ সমৰ্থনতে আছে। এই দল দুটাৰ প্ৰদৰ্শনক কেন্দ্ৰ কৰিয়েই মতভেদৰ সৃষ্টি হৈছে দুয়োৰে মাজত। কাৰণ দুয়োটা দলেই মহাৰাষ্ট্ৰৰ। এই ক্ষেত্ৰত অৰ্জুন কাপুৰে ইণ্ডিয়ান ছুপাৰলীগৰ ৱেবচাইটক দিয়া সাক্ষাৎকাৰত প্ৰকাশ কৰে-“যেতিয়ালৈ আই এছ এল চলি থাকিব তেতিয়ালৈকে আমাৰ দুয়োৰে মাজত বন্ধুত্ব নাই। আমাৰ দুয়োৰে দল বেলেগ বেলেগ। ”


অৱশ্যে এই ক্ষেত্ৰত ৰণবীৰ কাপুৰে কোনো ধৰণৰ মন্তব্য কৰা নাই।

Related Articles

Leave a Reply

Close