অসম

ৰাজ্যত বৃদ্ধি পাইছে হস্তী মানুহৰ সংঘাত, নিয়ন্ত্ৰণত ব্যৰ্থ বন বিভাগ

তিতাবৰৰপৰা চিত্তকমল বেজবৰা, প্ৰথম খবৰ: ৰাজ্যখনত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে হস্তী মানুহৰ সংঘাত। বন্যহস্তীৰ আক্ৰমণ আৰু আতংকত ত্ৰস্তমান হৈ পৰিছে সাধাৰণ জনতা। বিশেষকৈ যোৰহাট জিলাৰ তিতাবৰ, গোলাঘাটৰ নুমলীগড় , নগাঁও জিলাৰ কলিয়াবৰত বন্যহস্তীৰ আতংকত বিনিদ্ৰ ৰজনী অতিবাহিত কৰিব লগা হৈছে সাধাৰণ জনতাই। হাতীৰ আক্ৰমণত প্ৰাণহানি ঘটিছে কেইবাজনো ব্যক্তিৰ।

দৰিদ্ৰ জনতাই হেৰুৱাব লগা হৈছে সপোনৰ ঘৰখন। এটাৰ পাছত এটাকৈ ৰাইজৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিছে বন্যহস্তীৰ বৃহৎ দলে। কিন্তু ইমানৰ পাছতো সৰ্বসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদানত চূড়ান্তভাৱে ব্যৰ্থ হৈছে ৰাজ্যৰ বিয়াগোম বন বিভাগ। শেহতীয়াকৈ তিতাবৰৰ ৰঙাজান চাহ বাগিচাৰ তিনি নম্বৰ লাইনত পূণ্য কৰ্মকাৰ নামৰ এজন ব্যক্তিৰ হাতীৰ গচকত মৃত্যু হোৱাৰ লগতে বন্যহস্তীয়ে ক্ষতিগ্রস্ত কৰিছে বিস্তৰ পৰিমাণৰ কৃষিপথাৰ আৰু ৰাইজৰ কেইবাটাও বাসগৃহ। যোৱা সময়ছোৱাতো তিতাবৰৰ খৰিকটীয়া, লেতেকু, শিলিখা, ৰঙাজান, কাচজান, গড়গুৰি আদি অঞ্চলত বন্যহস্তীয়ে সন্ত্ৰাস চলাই অহাৰ লগতে বৰ্তমানেও অব্যাহত আছে তাণ্ডৱলীলা।

ইতিপূৰ্বে এই সমূহ অঞ্চলত হস্তীৰ আক্ৰমণত মৃত্যু ঘটিছে কেইবাজনো ব্যক্তিৰ। ইফালে নগাঁও জিলাৰ কলিয়াবৰৰ ফুলগুৰিত বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে এজন লোক। পথাৰৰ টঙী ঘৰলৈ গৈ থাকোতে বন্যহস্তীৰ মুখামুখী হয় লংসিং লেকথে নামৰ লোকজন। হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে ৩৮ বছৰীয়া লোকজন। কাজিৰঙাৰ বুঢ়াপাহাৰ ৰেঞ্জৰ বনকৰ্মীয়ে লোকজনক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰাই যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে লোকজনক।

অঞ্চলটোত ইতিমধ্যে দুজন লোকৰ মৃত্যু ঘটাৰ লগতে বৰ্তমানেও বন্যহস্তীৰ আতংকত বিনিদ্ৰ ৰজনী অতিবাহিত কৰিছে সাধাৰণ জনতাই। অন্যহাতেদি গোলাঘাট জিলাৰ নুমলীগড়টো একেই পৰিবেশ একেই পৰিস্থিতি। বন্যহস্তীৰ আতংক, বাসগৃহ লণ্ড ভণ্ড কৰা এনেবোৰ ঘটনা নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে।

কিন্তু ইমান পাছতো কানসাৰ নাই ৰাজ্যৰ বিয়াগোম বন বিভাগটোৰ। সম্প্ৰতি কথাই কথাই বন বিভাগটোক অধিক তৰাম্বিত কৰা বুলি ঘোষণা কৰি অহা বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিৰুদ্ধে ৰাজ্যৰ সাধাৰণ জনতাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে।

Related Articles

Leave a Reply

Close