অসমশীৰ্ষ

ৰাজ্যৰ সীমান্ত ভ্ৰমণৰ নামত ভেকোঁ ভাওনা, সীমান্ত নিৰীক্ষণ কেন্দ্ৰৰ পৰাই উভতিল বিজেপিৰ সভাপতি

তিতাবৰৰপৰা চিত্তকমল বেজবৰা, প্ৰথম খবৰ: নাগা ফ্ৰেমৱৰ্ক চুক্তিয়ে ৰাজ্য তোলপাৰ লগাই থকাৰ সময়তে পুনৰ সীমান্তত সূচনা কৰা হৈছে এখন নাটকৰ। সীমান্তৰ জনতাক আভুৱা ভাৰি শাসনাধিষ্ঠিত বিজেপি চৰকাৰে সূচনা কৰিছে এখন ব্যয়বহুল নাটক। অভিনেতাৰ ৰূপত একো একোজন বিশেষ ৰাজনীতিবিদ। হয় তেনে এক দৃশ্যপটেই দেখিবলৈ পোৱা গ’ল সোমবাৰে তিতাবৰৰ অসম নগালেণ্ড সীমান্তত।

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে অসম নাগালেণ্ড সীমান্ত অঞ্চল ভ্ৰমণ কৰাৰ নামত আজি তিতাবৰৰ সীমান্ত অঞ্চল পানীখেতিৰ সীমান্ত নিৰীক্ষণ কেন্দ্ৰৰ পৰাই ঘূৰি যোৱা কাৰ্যক লৈ তিতাবৰত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগত যোৱা বৃহৎ প্ৰতিনিধি দলটোত আছিল সোণাৰি সমষ্টিৰ বিধায়ক তপন গগৈ, বিজেপি ৰাজ্যিক মুখপত্ৰ তথা প্ৰাক্তন বিধায়ক হেমন্ত কলিতা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই সীমান্তৰ অঞ্চলত আজি সদলবলে উপস্থিত হৈ ৰাইজক আশ্বস্ত কৰাৰ চেষ্টা কৰে যদিও সম্প্ৰতি বিৰূপ প্ৰতিক্ৰিয়াৰহে সৃষ্টি হৈছে। বিজেপিৰ বৃহৎ প্ৰতিনিধি দলটোৱে সীমান্তৰ ৰাইজক লগ কৰি ৰাইজৰ সমস্যা বুজ লোৱাৰ পৰিবৰ্তে সীমান্তৰ আৰক্ষী নিৰীক্ষণ কেন্দ্ৰৰ পৰাই খবৰ সংগ্ৰহ কৰি উভতি আহে।

পৰৱৰ্তী সময়ত এখন সভাত অংশগ্ৰহণ কৰি সীমান্তৰ জনতাক আশ্বস্ত কৰাৰ চেষ্টা কৰা পৰিলক্ষিত হয়। সীমান্তৰ পানীখেতি চাৰি আলিত বিজেপিৰ যোৰহাট জিলাৰ সভাপতি শান্তনু পূজাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ৰাজ্যিক সভাপতি গৰাকীয়ে নগা লোকে অসমৰ ভূমি বেদখল কৰাৰ সন্দৰ্ভত ক যে বিজেপিৰ দিনত নগা লোকে অসমৰ ভূমি দখল কৰা নাই। নগা লোকে অসমৰ ভূমি প্ৰথম বেদখল কৰিছিল ষাঠিৰ দশকত। বৰ্তমানলৈকে নগা লোকে যি ভূমি দখল কৰিছে এই ক্ষেত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আৰু প্ৰফুল্ল কুমাৰ মহন্তৰ দিনতে নাগালেণ্ডে সৰ্বাধিক অসমৰ ভূমি বেদখল কৰিছে। কংগ্ৰেছে পাপ কৰিছে সীমান্তৰ অঞ্চলৰ ৰাইজে প্ৰয়াচিত্র কৰিব লগা হৈছে।

নগা ফ্ৰেমৱৰ্ক চুক্তিৰ নামত কংগ্ৰেছে সীমান্তৰ অঞ্চলত উত্তেজনা সৃষ্টি কৰিছে। সীমান্তৰ ভূমি নগা লোকে কংগ্ৰেছৰ দিনতে বেদখল কৰিছিল সেই সময়ত তেওঁলোকে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। এতিয়া আহি সীমান্তত অশান্তিৰ সৃষ্টি কৰিছে।প্ৰকৃততে নাগালেণ্ডত ভূমি যোৱাৰ ক্ষেত্ৰত কংগ্ৰেছ দলৰ সৃষ্টি আছিল। সৰুপথাৰত অসমৰ ভূমিত নাগালেণ্ডে অকাই মহকুমা স্থাপন কৰা সন্দৰ্ভত সভাপতি গৰাকীয়ে কয় যে নাগালেণ্ডে কোনো মহকুমা স্থাপন কৰা নাই। আঠ বছৰৰ পূৰ্বে নাগালেণ্ডে এটা কমিউনিটি ঘৰহে নিৰ্মান কৰিছিল। বৰ্তমান ৰং তেল দিছে।এইয়া সম্ভৱ হৈছে নিৰপেক্ষ ভূমিকা লোৱা চি আৰ পি এফৰ গাফিলটিৰ কাৰণে। চি আৰ পি এফৰ নগাৰ লগত সমিল মিল আছে। সীমান্তৰ অসমৰ মানুহৰ লগত সেই সমিল মিল নাই চি আৰ পি এফৰ। লগতে সীমান্তৰ ভূমি কোনো কাৰণতে নাগালেণ্ডত নিদিয়া আৰু ৰাইজক নিৰাপত্তা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। সভাত অংশগ্ৰহণ কৰি যোৰহাট জিলাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই কয় যে অসম নাগালেণ্ডৰ পৰিৱেশ এতিয়া শান্ত। কংগ্ৰেছেহে অশান্ত কৰিছে। সীমান্তৰ এই বিবাদ আজিৰ সৃষ্টি নহয়। কংগ্ৰেছৰ সৃষ্টি আৰু ইয়াৰ বাবে কংগ্ৰেছ জগৰীয়া। কংগ্ৰেছে নাগালিমৰ নামত এনৰেগাৰ মানুহ আনি সীমান্তত নাচি নাচি আন্দোলন কৰি অশান্তিৰ পৰিবেশ সৃষ্টি কৰিছে। অনাগত সময়ত সীমান্তত যদি অপ্ৰীতিকৰ পৰিবেশ সৃষ্টি হয় ইয়াৰ বাবে কংগ্ৰেছ জগৰীয়া হ’ব বুলি সাংসদ গৰাকীয়ে উল্লেখ কৰে।

সোণাৰি সমষ্টিৰ বিধায়ক তপন গগৈয়ে কয় যে ১৯৬৩ চনতে নাগালেণ্ড সৃষ্টি হ’ল। তেতিয়াৰ পৰা নাগালেণ্ডে অসমৰ ভূমি বেদখল কৰি আহিছে। মোৰ সমষ্টিৰ বৃহৎ এলেকা নাগালেণ্ডত সোমাই আছে। এই ভূমি মুক্ত কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ দল চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। এতিয়া অসমৰ মানচিত্ৰ সলনি হ’ব দিব নোৱাৰি। অসমৰ মাটিৰে নাগালেণ্ডৰ সমস্যা সমাধান কৰিব দিব নোৱাৰি।কংগ্ৰেছে সমস্যা সৃষ্টি কৰাত পাকৈত। সমাধান কৰিব নোৱাৰে। ৰিপুন বৰাই সীমান্তত টেটু ফালি চিঞৰি লাভ নাই। ৰিপুন বৰা এজন অপৰাধী। টকা দিবলৈ গৈ চিবিআইৰ হাতত ধৰা পৰি জেল খোৱা মানুহ। এনে অপৰাধীৰ কথা অসমৰ মানুহে নুশুনে বুলি বিধায়ক গৰাকীয়ে উল্লেখ কৰে। ইয়াৰ পাছতে ৰাজ্যিক সভাপতি গৰাকীয়ে তিতাবৰৰ অসম নাগালেণ্ড সীমান্তৰ পথেদি মৰিয়নীৰ সীমান্তৰ অঞ্চললৈ যায়।

ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীক এই ভ্ৰমণত ৰাজ্যিক বিজেপি দলৰ বিশ্বাৰূপ ভট্টাচাৰ্য, দিগন্ত ঘটোৱাৰ, সুৰভি ৰাজকুমাৰী,লংকি ফাংচু, সুশিলা হাজৰিকা, মৃগাংক বৰ্মন, পুলক গোহাঁই, ফণীন্দ্ৰ শৰ্মাকে ধৰি যুৱ মৰ্চা, অনুসূচীত জাতি মৰ্চা, কৃষাণ মৰ্চা, চাহ মৰ্চাৰ বিষয় ববীয়াৰ লগতে বৃহৎ প্ৰতিনিধিৰ দলে সংগ দিয়ে।

লক্ষণীয় যে, ৰাজ্যৰ সীমান্তত বৰ্তমানেও উৎকণ্ঠা অব্যাহত আছে যাৰ ফলত নগাৰ ভয়ত ত্ৰস্তমান হৈ পৰিছে সীমান্তৰ জনতা। তেনে এক পৰিপ্ৰেক্ষিতত বিজেপিৰ সজাঁতি দলৰ সীমান্ত নিৰীক্ষণ কেন্দ্ৰৰ পৰা উভতি যোৱা কাণ্ডক লৈ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যৰ অসম নগালেণ্ড সীমান্তত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close