অসম

ৰাষ্ট্রীয় যোগক্ৰীয়া প্ৰতিযোগিতাত পুৰণিগুদামৰ ছাত্ৰীৰ সাফল্য

বঢ়মপুৰৰ পৰা নয়ন মনি বৰা, প্ৰথম খবৰ: নগাঁও জিলাৰ পুৰণিগুদামৰ এগৰাকী ছাত্ৰীয়ে ৰাষ্ট্ৰীয় যোগ ক্ৰীয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰণিগুদামলৈ গৌৰৱ কঢ়িয়াই আনিছে। যোৱা অক্টোবৰ মাহৰ ২৫ তাৰিখৰ পৰা ২৮ তাৰিখলৈ উত্তৰ প্ৰদেশৰ গাৰ্জীয়াবাদত ৮বছৰৰ পৰা ১১বছৰৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰা ৰাষ্ট্রীয় যোগক্ৰীয়া প্ৰতিযোগিতাত পুৰণিগুদাম মুঢ়ানীৰ অংকিতা শইকীয়াই অংশগ্ৰহণ কৰি ষষ্ঠ স্থান লাভ কৰে।

অংকিতাৰ এই সফলতা পুৰণিগুদাম তথা অসমৰ বাবে এক গৌৰৱ। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও অংকিতাই ২০১৭চনত ঝাৰখণ্ডৰ ৰাছীত অনুষ্ঠিত হোৱা ৪১তম যোগা প্ৰতিযোগিতাত ষষ্ঠ স্থান আৰু কেৰেলাত অনুষ্ঠিত হোৱা যোগা প্ৰতিযোগিতাত ৪ৰ্থ স্থান লাভ কৰিছিল।

Related Articles

Leave a Reply

Close