অসম

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি ৮ জন বাতৰি কাকতৰ হকাৰক সম্বৰ্দ্ধনা

প্ৰথম খবৰ, গোলকগঞ্জঃ ধুবুৰী জিলা বাৰ্তাজীৱী সংঘ আৰু মহকুমা সাংবাদিক সন্থাৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে ধুবুৰী আৰু গৌৰীপুৰ চহৰৰ আঠ জন বাতৰি কাকতৰ হকাৰক বিশেষভাৱে সম্বৰ্দ্ধনা জাপান কৰা হয়। এই উপলক্ষে ধুবুৰী সাহিত্য সভাৰ ভৱনত অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি পাচু গোপাল চক্ৰৱৰ্তীৰ পৈৰহিত্যত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। উক্ত সভাত অংশগ্ৰহণ কৰি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ধুবুৰী শাখা সমিতিৰ সাধাৰণ সম্পাদিকা ছুলতানা ছেলিমা আহমেদ কয় যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকল হ’ল সমাজৰ প্ৰহৰী।

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে জিলা বাৰ্তাজীৱি সংঘ আৰু মহকুমা সাংবাদিক সন্থাই বাতৰি কাকতৰ হকাৰক সকলৰ কথা চিন্তা কৰি যে বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে সেয়াই সঁচাই প্ৰশংসনীয়। উল্লেখ্য যে, ধুবুৰী জিলা বাৰ্তাজীৱী সংঘ আৰু ধুবুৰী মহকুমা সাংবাদিক সন্থাৰ ফালৰ পৰা আজিৰ সভাত ধুবুৰী আৰু গৌৰীপুৰৰ হকাৰৰ সমস্যা সমাধান কৰা হ’ব বুলি জিলা বাৰ্তাজীৱি সংঘৰ সভাপতি আশীকুৰ ৰহমানে ঘোষণা কৰে।

আজিৰ সভাৰ আৰম্ভনিৰ পৰা আঁত ধৰি চলাই নিয়ে মহকুমা সাংবাদিক সন্থাৰ সভাপতি প্ৰনৱাশীষ ৰায়ে। ধুবুৰী প্ৰেছ ক্লাবৰ সম্পাদক ছাজাহান আহমেদ জিলা বাৰ্তাজীৱী সংঘৰ সম্পাদক মৃন্ময়দেৱ অধিকাৰীৰ লগতে ধুবুৰী আৰু গৌৰীপুৰৰ বহুতো সাংবাদিক উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close