অসম

ৰে’লৰ খুন্দাত বনৰীয়া হাতীৰ দুৰ্ঘটনাত মৃত্যু ৰোধ কৰাৰ বাবে তৎপৰ বনবিভাগ আৰু ৰেলৱে বিভাগ

প্ৰথম খবৰ, লামডিং: মঙ্গলবাৰে লামডিং DRM কাৰ্যালয়ত লামডিং ৰাইলৱে আৰু হোজাই বনবিভাগে ৰেল ট্ৰেইনৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যু ৰোধকৰাৰ বাবে এক গুৰুত্বপূৰ্ণ কৰ্মশালা আয়োজন কৰা হয়। এই কৰ্মশালাত WWF , Assam elephant Foundation , বিভিন্ন বেচৰকাৰী সদস্য ৰ লগতে বনবিভাগৰ বহু উচ্চ পদস্ত বিষয়া , লামডিংৰ DRM তথা উত্তৰ পৰ্ব ৰাইলৱে জন সংযোগ বিষয়া ( Cpro) উপস্থিত আছিল।

লামডিং ৰেলৱেৰ বহু ড্ৰাইভাৰ, পাইলট, গাৰ্ড , কৰ্মশালাত অংশ গ্ৰহণ কৰে। উল্লেখ্য যে ১৯৮৭ লৈকে দেশত ট্ৰেইনৰ খুন্দাত দুই শতাধিক হাতীৰ মৃত্যু হৈছিল। অসমত ও ইতিমধ্যে বহু হাতীৰ ট্ৰেইনত দুৰ্ঘটনাত মৃত্যু হৈছিল। এই কৰ্মশালাত আগন্তুক দিনত অসমত কেনেদৰে হাতীক ৰে’ল ট্ৰেইনৰ খুন্দাত দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰা যায় ইয়াক লৈ ৰে’লৰ ড্ৰাইভাৰ গৰ্ড ট্ৰেক মেন সকলক প্ৰশিক্ষণ দিয়া হয়।

Related Articles

Leave a Reply

Close