অসম

ভাৰতীয় যুৱ মৰ্চা (ভাজপা) ৰ উদ্যোগত খালৈগাঁৱত উদযাপিত হ’ল সুধাকণ্ঠৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

বটদ্ৰৱাৰ পৰা মানস জ্যোতি মহন্ত, প্ৰথম খবৰ: অসম গৌৰৱ তথা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কালজয়ী সৃষ্টি ‘আই তোক কিহেৰে পূজিমে’ গীতেৰে গণশিল্পীগৰাকীৰ ষষ্ঠ মৃত্যুবাৰ্ষিকীৰ দিনটোত শ্ৰদ্ধা নিবেদিলে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই।সমগ্র অসমৰ লগতে নগাঁৱৰ খালৈগাঁৱত ভাৰতীয় জনতা যুৱ মর্চাৰ উদ্যোগত আৰু ভাৰতীয় জনতা পার্টী, বটদ্রবা সমষ্টিৰ সহযোগত প্রত্যেক বছৰৰ দৰে এই বছৰো দিনজোৰা কাৰ্য্যসূচীৰে উদযাপিত হয় সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ শ্রদ্ধাঞ্জলি অনুষ্ঠান। অনুষ্ঠানত বটদ্রবা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা উপষ্ঠিত থাকি সুধাকণ্ঠৰ প্রতিচ্ছবিত শ্রদ্ধাঞ্জলি অর্পন কৰি এখনি মুকলি সভাত ভাগ লয়। দলংঘাট যুৱ মৰ্চাৰ সভাপতি ৰিপুঞ্জয় শইকীয়াৰ সভাপতিত্বত অনুস্থিত মুকলি সভাত বিধায়িকা গৰাকীয়ে ভাষন প্ৰসংগত প্রকাশ কৰে যে ‘এটা গান গালেই বা নৃত্য কৰিলেই এজন শিল্পী নহয়। শিল্পী হ’বলৈ প্রয়োজন কিছু শৈল্পিক গুণৰ। অনুষ্ঠানত অঞ্চলৰ ২০ গৰাকী কলা-সংস্কৃতিৰ সাধকৰ লগতে গণ্যমান্য ব্যক্তিক সম্বধর্না জনাই বিধায়িকা আঙুৰলতা ডেকাই।

মুকলি সভা আয়োজিত হোৱাৰ প্ৰাকক্ষণত এক বর্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় য’ত অঞ্চলৰ শিশু সকলৰ দ্বাৰা ভূপেন্দ্ৰ সংগীত, খোল বাদ্য,ঢোলৰ ওজা নৃত্য আৰু ভোৰতাল নৃত্য পৰিৱেশিত হয়। সভাত দলংঘাট মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টীৰ সমূহ কৰ্মকর্তাৰ লগতে অৰ্ধ সহস্ৰাধিক জনতা উপস্থিত থকাৰ উপৰিও বিশিষ্ট সমাজকর্মী তথা অভিনেতা অকাশদ্বীপ ডেকা, কুলদ্বীপ বৰাও উপস্থিত থাকে।

 

Related Articles

Leave a Reply

Close